অসম লাইভ২৪ঃ ছলমান খানৰ নতুন চিনেমা, ‘কিছি কি ভাই কিছি কি জান’য়ে ঈদত মুক্তিলাভ কৰিব। ছলমান খানে কিছুদিন পূৰ্বে অটিটিত মুক্তিলাভ কৰা ছিৰিজ বা চিনেমাত যৌনগন্ধী ছবি প্ৰচাৰ হয় বুলি আপত্তি দৰ্শাইছিল। এই বিষয়টোক লৈ মন্তব্য কৰিছে ছলমানৰ ছবিত অভিনয় কৰা অভিনেত্ৰী পলক তিৱাৰীয়েও। ‘কিছি কি ভাই কিছি কি জান’ৰ শ্বুটিঙতো ছলমান খানে অভিনেত্ৰীক কৰিছে কাঢ়া শাসন। ছবিৰ শ্বুটিঙলৈ অহাৰ সময়ত অভিনেত্ৰীসকলক চুটি পোছাক পিন্ধি অহাত বাধা আৰোপ কৰিছিল ছলমানে।
ঈদত মুক্তিপাব ছলমানৰ চিনেমাই। ছবিখনৰ মুক্তিৰ পূৰ্বে এক সাক্ষাৎকাৰত পালক তিৱাৰীয়ে কয় যে, ছলমান খানে নাৰীৰ আবুৰতা থকাটো বিচাৰে। তেওঁ মহিলাক সুৰক্ষিত কৰি ৰখাত বিশেষ গুৰুত্ব দিয়ে। সেইবাবেই তেওঁ নাৰীক পণ্য সামগ্ৰী হিচাপে চাবও নিবিচাৰে। ছবিৰ শ্বুটিঙলৈ আহোতে ক্লিভেজ ওলোৱা কাপোৰ পৰিধানত বাধা আৰোপ কৰিছে ছলমান খানে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ