অসম লাইভ২৪ঃ গাজাত আজিও আক্ৰমণ অব্যাহত ৰাখিছে ইজৰাইলী সেনাই। এইবাৰ গাজাৰ এখন হাস্পতালত আক্ৰমণ চলাইছে ইজৰাইলী বাহিনীয়ে বুলি গাজাৰ এক সূত্ৰই প্ৰকাশ কৰিছে। বুধবাৰে ৰাষ্ট্ৰপুঞ্জত নিযুক্ত পেলেষ্টাইনী ৰাষ্ট্ৰদূত ৰিয়াদ মনছুৰে কয়, ‘ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু অত্যন্ত মিছলীয়া। ইজৰাইলে হাস্পতালত আক্ৰমণ আমি নাই কৰা বুলি মিছা কথা কৈছে।’ নেতানিয়াহুৰ মিছা কথাৰ প্ৰমাণো দাঙি ধৰিছে ৰাষ্ট্ৰদূতে। তেওঁ এটা ডিলিট হোৱা টুইট প্ৰমাণ হিচাপে দাঙি ধৰিছে।
নিজৰ এক্স হেণ্ডেলত নেতানিয়াহুৱে লিখিছিল, ‘ইজৰাইলী সেনাই সন্ত্ৰাসবাদীসকলক নিশেষ কৰিবলৈ ক্ষেপনাস্ত্ৰ আক্ৰমণ কৰিছিল। সেই ক্ষেপনাস্ত্ৰই আল আহলি হাস্পতালত আহি পৰিব পাৰে।’ কিন্তু পাছলৈ আকৌ এক ইজৰাইলী প্ৰতিৰক্ষা বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে যে এই ক্ষেপনাস্ত্ৰ ইজৰাইলী সেনাৰ নহয়, হামাছ সন্ত্ৰাসবাদীয়েহে হাস্পতালত আক্ৰমণ চলাইছে। এই আক্ৰমণত ৫০০ ৰো অধিক লোক নিহত হৈছে। হাস্পতাল আক্ৰমণ হামাছৰ পৰিকল্পিত এক আক্ৰমণ।’ আনহাতে হামাছে এই কথা মিছা বুলি দাবী কৰিছে। হামাছৰ মতে ইহুদি সেনাইহে পৰিকল্পিতভাৱে হাস্পতালখনত আক্ৰমণ চলাইছে।
উল্লেখ্য যে, পেলেষ্টাইনী ৰাষ্ট্ৰদূতে টুইটত লিখিছে আন কেইবাটাও কথা। ৰাষ্ট্ৰদূত ৰিয়াদ মনছুৰে লিখিছে, ‘নেতানিয়াহুৰ মুখপাত্ৰই নিজেই টুইট কৰি জনাইছিল যে হাস্পতালৰ কাষত থকা হামাছৰ ঘাটিত তেওঁলোকে আক্ৰমণ কৰিছে। যদি এই আক্ৰমণ কৰা বুলি টুইট কৰিছেই তেন্তে কিয় টুইট ডিলিট কৰিলে। ইজৰাইলে এতিয়া নিৰীহ পেলেষ্টাইনী লোকৰ ওপৰত আক্ৰমণ চলাবলৈ আৰম্ভ কৰিছে।’ ৰাষ্ট্ৰদূতৰ এই টুইট ভাইৰেল হৈ পৰিছে যদিও নেতানিয়াহুৱে বিষয়টোক লৈ কোনো প্ৰত্তুত্ত্যৰ দিয়া নাই।
মঙলবাৰে গাজাৰ আল-আহলি আৰৱ হাস্পতালত আক্ৰমণ কৰাৰ অভিযোগ পাছতো নিৰৱেই আছে নেতানিয়াহু। তেল আভিভে এই আক্ৰমণৰ বাবে হামাছকেই দায়ী বুলি জনাইছে। এই হাস্পতাল সম্পূৰ্ণৰূপে হামাছেই পৰিচালনা কৰিছিল। এই হাস্পতালতেই আহতসকলৰ চিকিৎসাও চলি আছিল। গাজাৰ স্বাস্থ্য মন্ত্ৰণালয়ে জনোৱা অনুসৰি প্ৰায় ৫০০ লোকে এই আক্ৰমণত প্ৰাণ হেৰুৱাইছে। বিগত ১০ দিন ধৰি যুদ্ধৰ দামামা বাজিয়েই আছে গাজাত। গাজাৰ ভয়াৱহ আক্ৰমণৰ পৰা প্ৰাণ ৰক্ষাৰ বাবেই বহুলোকে হাস্পতালত আশ্ৰয়ো লৈ আছিল। সেই হাস্পতালেই অজান কোনো লোকে ধ্বংস কৰিলে। হাস্পতালৰ ধ্বংসস্তুপৰ পৰা উদ্ধাৰ অভিযান বৰ্তমানো অব্যাহত আছে। ইজৰাইলকেই এই আক্ৰমণৰ বাবে দায়ী বুলি দাবী কৰি পেলেষ্টাইনীসকলে এই আক্ৰমণৰ নাম দিছে ‘যুদ্ধপৰাধ’।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ