বৈদিক জ্যোতিষশাস্ত্ৰত গ্ৰহৰ বিশেষ মিলনক অত্যন্ত প্ৰভাৱশালী বুলি ধাৰণা কৰা হয়৷ ২০২৬ চনৰ মকৰ সংক্ৰান্তিৰ দিনা এক বিৰল পঞ্চগ্ৰহী যোগে বহু ৰাশিৰ জীৱনত বৃহৎ পৰিবৰ্তন আনিব পাৰে৷ ১৪ জানুৱাৰী ২০২৬ তাৰিখে, সূৰ্যই মকৰ ৰাশিত প্ৰৱেশ কৰিব আৰু কেইবাদিন পাছত ১৯ জানুৱাৰী মঙ্গল, বুধ, শুক্ৰ আৰু চন্দ্ৰই সূৰ্যৰ সৈতে মকৰ ৰাশিত একত্ৰিত হ’ব আৰু পঞ্চগ্ৰহী যোগ গঠন কৰিব৷ এই মিলনক শক্তি, সম্পদ, বুদ্ধি, আৱেগ আৰু সৌভাগ্যৰ এক দুৰ্দান্ত সংগম হিচাপে বিবেচনা কৰা হৈছে৷ যি বিশেষকৈ ৩ৰাশিৰ বাবে অত্যন্ত শুভ ফলাফল দিব৷
মকৰ ৰাশি
এই যোগ মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে সকলোতকৈ কাৰ্যকৰ হ’ব৷ কাৰণ ই আপোনাৰ লগ্ন ঘৰত তৈয়াৰ হৈছে৷ ই আপোনাৰ আত্মবিশ্বাস, নেতৃত্বৰ ক্ষমতা আৰু ব্যক্তিত্বক উল্লেখযোগ্যভাৱে বৃদ্ধি কৰিব৷ সূৰ্য আৰু মঙ্গলৰ উপস্থিতিয়ে আপোনাক সাহসী আৰু সিদ্ধান্ত ল’বলৈ সক্ষম কৰি তুলিব৷ ব্যৱসায় সম্প্ৰসাৰণ আৰু লাভৰ সময়৷ আপোনাৰ স্বাস্থ্যৰ উন্নতি হব আৰু অন্যৰ কথাত আপুনি মুগ্ধ হব৷
তুলা ৰাশি
তুলা ৰাশিৰ জাতকৰ বাবে পঞ্চগ্ৰহী যোগ আপোনাৰ চতুৰ্থ ঘৰত তৈয়াৰ হব৷ যি আৰাম, গৃহ, যানবাহন আৰু পাৰিবাৰিক জীৱনক প্ৰতিনিধিত্ব কৰে৷ এই যোগৰ প্ৰভাৱত ঘৰত শান্তি আৰু ইতিবাচক শক্তি বৃদ্ধি পাব৷ সম্পত্তি, ঘৰ, বাহন ক্ৰয়ৰ দীৰ্ঘদিনৰ ইচ্ছা পূৰণ হব পাৰে৷ আপোনাৰ মাতৃৰ স্বাস্থ্যৰ উন্নতি হব৷ পাৰিবাৰিক সম্পৰ্ক আৰু সুসংগত হৈ উঠিব৷ শুক্ৰ আৰু বুধৰ আশীৰ্বাদত আপোনাৰ আৰ্থিক পৰিস্থিতি শক্তিশালী হব৷ চাকৰিয়ালে তেওঁলোকৰ পছন্দৰ স্থানলৈ ট্ৰেন্সফাৰ বা কাম কৰাৰ সুযোগ পাব পাৰে৷
বৃষ ৰাশি
বৃষ ৰাশিৰ বাবে এই যোগ ভাগ্যৰ ঘৰত তৈয়াৰ হৈছে৷ যিয়ে ইয়াক অত্যন্ত শুভ কৰি তুলিছে৷ এই সময়ত ভাগ্য আপোনাৰ পক্ষত থাকিব৷ শিক্ষা, প্ৰতিযোগিতামূলক পৰীক্ষা, বিদেশ ভ্ৰমণ আৰু উচ্চ পদ সম্পৰ্কিত বিষয়ত সাফল্যৰ সম্ভাৱনা প্ৰৱল৷ আৰ্থিক লাভৰ নতুন উৎস তৈয়াৰ হব আৰু বিনিয়োগ লাভজনক হব৷ আপুনি শিক্ষক আৰু ছিনিয়ৰৰ পৰা সহায়তা পাব৷ ধৰ্মীয় আৰু আধ্যাত্মিক আগ্ৰহ বৃদ্ধি পাব৷ যাৰ ফলত মানসিক শান্তি আহিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















