অসম লাইভ২৪ঃ ৰাঘৱ-পৰিণীতি বলীউডৰ লগতে ৰাজনীতিতো হিট যুঁটি। দুয়োৰে প্ৰেমৰ কথা ভাইৰেল হোৱাৰ কিছুদিন পাছতে দুয়োৰে বাগদান সম্পন্ন হয়। বাগদানৰ পাছতে ৰাঘৱ-পৰিণীতিয়ে দেশৰ বিভিন্ন কোনৰ অৱস্থিত কেইবাটাও মন্দিৰ একেলগে দৰ্শন কৰিবলৈ গৈছে। শেহতীয়াভাৱে মহাকাল মন্দিৰ দৰ্শনত গৈছে ৰাঘৱ-পৰিণীতি।
আগন্তুক ২৫ ছেপ্টেম্বৰত বিবাহপাশত আৱদ্ধ হ’ব ৰাঘৱ-পৰিণীতি বুলি এক সূত্ৰই প্ৰকাশ কৰিছে। ৰাজস্থানৰ উদয়পুৰত ৰাজকীয় প্ৰাসাদত দুয়োৰে বিবাহ সম্পন্ন হ’ব। বিবাহৰ প্ৰস্তুতিৰ মাজতে শনিবাৰে মহাকাল মন্দিৰত উপস্থিত হৈ পূজা অৰ্চনা কৰে ৰাঘৱ-পৰিণীতিয়ে। বিয়া ঠিক হ’লেও এই সম্পৰ্কক লৈ সংবাদমাধ্যমৰ আগত মুখ খুলিবলৈ ৰাজী নহয় দুয়োৱে।
সম্প্ৰতি এক সাক্ষাৎকাৰত পৰিণীতিয়ে কয়, ‘প্ৰেমক লৈ মই ভীষণ বাস্তৱবাদী। আমি এজনে আনজনৰ ওপৰত আস্থা ৰাখিয়েই সম্পৰ্কক আগুৱাই নিছো।’ আপ নেতা ৰাঘৱে অৱশ্যে বিবাহক লৈ বা প্ৰেমক লৈ এতিয়াও কোনোধৰণৰ মন্তব্য কৰা নাই। ৰাজস্থানৰ বিলাসবহুল পেলেচত গোপনে বিবাহৰ অনুষ্ঠানৰ আয়োজন চলাই আছে দুয়োৱে। ৰাজস্থানত বিবাহ অনুষ্ঠান আয়োজন কৰাৰ পাছত দেশৰ তিনিখন চহৰত ৰিচিপশ্ব্যনৰ ব্যৱস্থা কৰিছে ৰাঘৱ-পৰিণীতিয়ে। দিল্লী ৰাঘৱৰ জন্মস্থান, সেয়ে দিল্লীতো এক ৰিছিপশ্ব্যন পাৰ্টীৰ আয়োজন কৰা হ’ব। গুৰুগ্ৰামৰ ‘দ্যা লীলা এম্বিয়েন্স’ হোটেলত এই পাৰ্টীৰ আয়োজন কৰা হ’ব বুলিও এক সূত্ৰই প্ৰকাশ কৰিছে। ইফালে পৰিণীতি যিহেতু চিনেমাৰ জগতখনৰ সৈতে ওতপ্ৰোতভাৱে জড়িত সেয়ে মুম্বাইতো এটা ৰিচিপশ্ব্যন পাৰ্টীৰ আয়োজন কৰা হ’ব। চণ্ডীগড়তো কিছু আত্মীয় আছে ৰাঘৱৰ সেয়ে তাতো এটা পাৰ্টীৰ আয়োজন কৰিব ৰাঘৱে বুলি জনাইছে দুয়োৰে বিশ্বস্ত এক সূত্ৰই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ