সকলো মহিলাক হৰুৱাই পুৰুষৰ পৰা মহিলা হোৱা ইমানে লাভ কৰিলে সোণ, বিশ্বজুৰি বিতৰ্ক
মহিলাৰ বক্সিং শাখাত এগৰাকী পুৰুষৰ শক্তি থকা ট্ৰান্সওমেনে লাভ কৰিলে সোণ। এগৰাকী এগৰাকীকৈ বিশ্বৰ বাঘা বাঘা সকলো বক্সাৰকে হৰুৱাই শেষত লাভ কৰিলে অলিম্পিক স্বৰ্ণ পদক। লিংগ বিতৰ্কৰ বাবে প্ৰতিবাদৰ সন্মুখীন হোৱা আলজেৰিয়াৰ বক্সাৰ ইমান খলিফে স্বৰ্ণ পদক লাভৰ পিছতে এতিয়া বিতৰ্কৰ সৃষ্টি হৈছে।
পেৰিছ অলিম্পিকৰ বক্সিঙৰ ৱেল্টৰৱেট শাখাৰ অন্তিমখন খেলত চীনৰ বক্সাৰ তথা ২০২৩ চনৰ বিশ্ব চেম্পিয়ন ইয়াং লিউক একপক্ষীয়ভাৱে পৰাস্ত কৰিছে ইমান খলিফে ৷ অলিম্পিকত স্বৰ্ণ পদক লাভ কৰা আলজেৰিয়াৰ প্ৰথমগৰাকী মহিলা বক্সাৰ হিচাপে পৰিগণিত হৈছে ইমান খলিফ।
এই অলিম্পিকত পুৰুষৰ বক্সিং শাখাতো স্বৰ্ণ পদক লাভ কৰিছে আলজেৰিয়াৰে খেলুৱৈয়ে। আলজেৰিয়াৰ পুৰুষ বক্সাৰ হোছেইন ছলতানিয়েও স্বৰ্ণ পদক লাভ কৰিছে।
https://x.com/awaken1010/status/1822020587306258653
পুৰুষৰ পৰা লিংগ সলাই মহিলা হোৱা ইমান খলিফে ইটালীৰ বক্সাৰ এঞ্জেলা কেৰিনীক প্ৰাক কোৱাৰ্টাৰ ফাইনেল মেচত পৰাস্ত কৰিছিল। এই মেচখনত ইটালীৰ বক্সাৰ এঞ্জেলা কাৰিনিয়ে মাত্ৰ ৪৬ ছেকেণ্ডতে ৰিঙৰ পৰা বাহিৰ হবলৈ বাধ্য হৈছিল। এই মেচত জয়লাভ কৰাৰ পিছত ইমান খলিফক পুৰুষ বুলি অভিযোগ উত্থাপন হোৱাৰ লগতে তেওঁক প্ৰতিযোগিতাখনৰ পৰা অযোগ্য ঘোষণা কৰাৰ দাবী উত্থাপন হৈছিল।
সমগ্ৰ প্ৰতিযোগিতাখনত তেওঁলোকে কঠোৰ বিৰোধিতাৰ সন্মুখীন হ’বলগীয়া হৈছিল। গোটেই অলিম্পিকৰ সময়ছোৱাত ইমানক পুৰুষ বুলি কৈ বহুত ট্ৰ’ল কৰা হৈছিল। বিৰোধিতাৰ মাজতো ইমান খলিফে এই সকলোবোৰ কথা আওকাণ কৰি নিজৰ মেচত মনোনিৱেশ কৰি থাকিল। অৱশেষত লাভ কৰিলে স্বৰ্ণ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ