অসম লাইভ২৪ঃ শ্বাহৰুখ অভিনীত ছবি ‘পাঠান’ক লৈ মুখ খুলিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷
মুখ্যমন্ত্ৰীয়ে তেওঁৰ মন্তব্যত কয় যে
অসমত বহু শ্বাহৰুখ খান আছে৷
হিমন্ত বিশ্ব শৰ্মাই পাঠান ছবি নাচায়৷
কিন্তু পাঠান চোৱা ব্যক্তিক প্ৰয়োজনত সুৰক্ষা দিব চৰকাৰে৷
শ্বাহৰুখ খানেও বৰ্তমানলৈ মুখ্যমন্ত্ৰীক ফোন কৰা নাই৷
সমস্যাত পৰিলে শ্বাহৰুখ খানে মুখ্যমন্ত্ৰীক ফোন কৰিলেহেতেন৷
শ্বাহৰুখ খানে ফোন কৰিলে সমস্যাটো চাই ল’ম বুলিও জনাই মুখ্যমন্ত্ৰীয়ে৷
কোনোবাই যদি চিনেমাহল লণ্ডভণ্ড কৰিছে তেন্তে চৰকাৰে ব্যৱস্থা ল’ব৷
গোচৰ দিলে আৰক্ষীয়ে ব্যৱস্থা ল’বই বুলিও প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















