দৃশ্যমান পৃথিৱীখনত ৰহস্যৰ অন্ত নাই। দৃশ্যমান এই পৃথিৱীত সদায়ে আৱিস্কাৰ হয় ন ন ৰহস্য। ন ন ৰহস্যৰে আবৃত এই এই পৃথিৱীত এনে কিছু ৰহস্য আছে যি ৰহস্যৰ কথা জানিলে আপুনি শিহৰিত হৈ পৰিব। এই পৃথিৱীতে এনে এক অঞ্চল আছে য’ত কোনো জীৱৰ অৱস্থিতি পোৱাটো দূৰৰে কথা আপুনি ভৰি দিবলৈ মাটি অলপ বিচাৰি নাপাব। পৃথিৱীৰ যিটো অঞ্চলৰ পৰা মাটিৰ দূৰত্বত কৈ মহাকাশৰ দূৰত্ব অতি ক’ম। এই এলেকাতেই আছে আন্তৰাষ্ট্ৰীয় এক মহাকাশ কেন্দ্ৰ। আৰু পৃথিৱীৰ সেই বিশেষ অঞ্চলটোৰ নামেই হৈছে point Nemo।
লেটিন ভাষাত Nemo শব্দৰ অৰ্থ হৈছে No body। অৰ্থাৎ কোনো নাই। এই point Nemo অঞ্চলটো ইমানেই নিস্তব্ধ যে ইয়াত আপুনি দৃশ্যমান পৃথিৱীৰ কোনো শব্দই শুনা নাপায়। আনকি আপুনি বতাহৰ শব্দও এই অঞ্চলত শুনা নাপায়। ৰহস্যময় এই Point Nemo অঞ্চলটো আছে প্ৰশান্ত মহাসাগৰৰ দক্ষিণ প্ৰান্তত। প্ৰশান্ত মহাসাগৰৰ এই Point Nemo আঞ্চলটোৰ পৰা মাটিৰ দূৰত্ব প্ৰায় ২৬৮৮ কিলোমিটাৰ। এই অঞ্চলৰ পৰা আন্তৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ দূৰত্ব মাত্ৰ ৪০০ কিলোমিটাৰ
অৰ্থাৎ কিবা কাৰণত সেই অঞ্চললৈ কোনো মানুহ যাব লগা হ’লে মানুহজন দ্ৰুতবেগী বাহনেৰে গ’লেও মহাকাশৰ পৰা নামি অহা মহাকাশচাৰীতকৈ পাছত হ’ব। মানুহতকৈ মহাকাশচাৰী আগত উপস্থিত হ’ব Point Nemo অঞ্চলত। এই point nemoক কোৱা হয় মহাকাশৰ সমাধিস্থল বুলিও কোৱা হয়।
মহাকাশত বিশ্বৰ বিভিন্ন দেশৰ হাজাৰ হাজাৰ ছেটেলাইত আছে। যি ছেটেলাইট সমূহে অহৰহ পৃথিৱীক পৰ্যবেক্ষণ কৰি থাকে। কিন্তু যেতিয়া কোনো ছেটেলাইট বিকল হৈ পৰে তেতিয়াই বিজ্ঞানীসকলে সেই বিকল ছেটেলাইট সমূহ প্ৰশান্ত মহাসাগৰৰ point nemo অঞ্চললৈ নি সাগৰৰ মাজত পেলাই দিয়ে। আৰু এনেদৰে এই point nemo অঞ্চলত পূৰ্বৰে পৰা হাজাৰ হাজাৰ বিকল ছেটেলাইট পৰি আছে। কিন্তু ইয়াতেই প্ৰশ্নৰ অৱতাৰণা হয়! যদি সাগৰৰ পানীত এই ছেটেলাইটসমূহ পেলাই অহা হৈছে তেন্তে সাগৰীয় জীৱ এই point nemoত কেনেকৈ জীৱিত অৱস্থাত আছে?
point nemo অঞ্চলত কোনো জলজ বা স্থলজ জীৱৰ অস্তিত্ব আজিলৈকে কোনোৱে বিচাৰি পোৱা নাই। কিয়নো point nemo অঞ্চলত থকা এক বিশেষ চুম্বকীয় শক্তিৰ বাবে বৃহৎ অঞ্চলটোত জলজ প্ৰাণীৰ বাবে কোনো উপযোগী খাদ্য উৎপন্ন নহয়। যাৰ বাবে সেই বৃহৎ অঞ্চলটোত কোনো জলজ জীৱই বিচৰণ নকৰে। ইয়াৰ ওপৰিও এই অঞ্চল মহাকাশৰ পৰা নিচেই কম দূৰত্বত হোৱাৰ বাবে মহাকাশৰ সকলোবোৰ বিকল ছেটেলাইটত সেই অঞ্চলত পেলাই দিয়াত বিজ্ঞানীসকলৰ সুবিধা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ