অসম লাইভ২৪ঃ নিজ সন্তানক লৈ প্ৰতিগৰাকী পিতৃ-মাতৃৰে সপোন থাকে। নিজৰ সন্তানে জীৱনত গৈ সফলতা অৰ্জন কৰাৰ বাবে অভিভাৱকে সৰুৰে পৰা চেষ্টা কৰে। আৰু যেতিয়া সেই সপোনে পূৰ্ণতা লাভ কৰে তেতিয়া সেই পিতৃ-মাতৃৰ সুখৰ কোনো সীমা নাথাকে। পিতৃ-মাতৃৰ দৰে সন্তানেও সৰুৰে পৰা নিজৰ লগতে পিতৃ-মাতৃৰ সপোন পূৰাবলৈ অহৰহ চেষ্টা কৰে। আৰু এদিন নিজৰ সেই চেষ্টাৰ বলত যেতিয়া সপোন পূৰ হয়, তেতিয়া সন্তানেও সুখ লাভ কৰে। বিভিন্ন সময়ত সামাজিক মাধ্যমত এনেধৰণৰ হৃদয়স্পৰ্শী ঘটনাই ব্যাপক চৰ্চা লাভ কৰে। বৰ্তমান ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে এনে এটা ঘটনাই।
এগৰাকী পুত্ৰই মাতৃৰ সপোন পূৰ কৰি টুইটাৰত প্ৰকাশ কৰা কিছু ফটোয়ে বৰ্তমান সময়ত চচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। মাতৃৰ কঠোৰ পৰিশ্ৰম আৰু পুত্ৰৰ চেষ্টাৰ ফলতে আজি পুত্ৰ হলগৈ পাইলট। পুত্ৰই সফল হৈ পূৰণ কৰিলে মাতৃৰ সপোন। এজন টুইটাৰ ব্যৱহাৰকাৰী আমিৰ ৰছিদ বানীয়ে টুইট কৰিছে এখন ফটো। যি ফটোত তেঁও লিখিছে, ‘মোৰ মায়ে মোক স্কুলত পঢ়ি থকা সময়ত এখন কাগজত এটা কথা লিখি মোৰ বুকুত আঁৰি দিছিল । য’ত লিখা আছিল যে, যেতিয়া তুমি ডাঙৰ হ’বা। তেতিয়া তুমি এজন পাইলট হ’বা। আৰু তুমি চলোৱা বিমানখনতে মোক মক্কালৈ লৈ যাবা’ । মাতৃৰ সপোনক নিজৰ সপোন কৰি যুৱকজনে নিজৰ অধ্যয়ন চলাই গৈছিল আৰু আজি তেঁও মক্কালৈ যোৱা বিমানৰ আসনত আছে পুত্ৰ আৰু চালকৰ আসনত আছে মাতৃ। সেই টুইট টুইটাৰত প্ৰকাশ হোৱাৰ লগতে ভাইৰেল হৈ পৰিছে সেই বিশেষ টুইট।
মাতৃৰ সেই সপোন পূৰ কৰি আমিৰ ৰছিদে লিখিছে- আজি মই চলোৱা বিমানৰ এগৰাকী যাত্ৰী মোৰ মাতৃ। এই টুইটত ইতিমধ্যে ২০,০০০ ৰৰো অধিকলোকে লাইক কৰাৰ লগতে, ২৩ হাজাৰৰ অধিক লোকে ৰীটুইট কৰিছে। সকলোয়ে আমিৰ ৰছিদ বানীক প্ৰশংসাৰে উপচাই পেলাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ