কুকুৰ আমি প্ৰায়সংখ্যক লোকেই পুঁহো৷ কুকুৰ প্ৰভুভক্ত৷ কিন্তু বিশ্বত এনে কিছু পোহনীয়া কুকুৰ আছে যি অতি ভয়ানক৷ তেনে ভয়ংকৰ কুকুৰৰ ভিতৰত এটা হৈছে পিটবুল৷ বহু দেশত সেয়ে পিটবুল ঘৰত ৰখাৰ বাবে অনুমতি দিয়া নহয়৷ আনকি ইয়াৰ প্ৰজননো নিষিদ্ধ কৰা হৈছে কেইবাখনো দেশত৷ আমাৰ দেশতো পিটবুলক বিপজ্জনক বুলি গণ্য কৰা হয়৷ এই বিপজ্জনক পিটবুলেই কৰিছে আচৰিত ঘটনা৷ শেহতীয়া এটা পোহনীয়া পিটবুলে হত্যা কৰিলে ৪বছৰীয়া কণমানিক৷
ঘটনাটো আমেৰিকাৰ কেলিফৰ্ণিয়াৰ ভিছালিয়াৰ৷ এটা পোহনীয়া পিটবুলৰ আঘাতত মৃত্যু হৈছে কণমানি এগৰাকী কন্যাৰ৷ পিটবুলৰ আক্ৰমণত ইমানেই আঘাতপ্ৰাপ্ত হৈছিল যে চিকিৎসালতে মৃত্যু হৈছে কণমানিজনীৰ৷ জানিবপৰামতে, কণমানিজনী গা ধুই ওলাই আঁহোতেই এই ঘটনা সংঘটিত হৈছে৷ ছোৱালীজনীয়ে গা ধুই থকাৰ সময়ত দেউতাকে টাৱেল আনিবলৈ ভিতৰলৈ গৈছিল৷ তেতিয়াই পিটবুলে কণমানিজনীক আক্ৰমণ কৰে৷
পিটবুলটো কন্যাৰ সমানেই মৰমৰ আছিল আমেৰিকান দম্পতিহালৰ৷ বিভিন্ন সময়ত পিটবুলৰ সৈতে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল ফটো৷ আমেৰিকান সংবাদমাধ্যমে প্ৰকাশ কৰা অনুসৰি কণমানিজনীক আক্ৰমণ কৰাৰ পাছতেই নিৰুদ্দেশ হৈছে কুকুৰটো৷ দুবছৰে একেলগে থকা কুকুৰটোৱে হঠাৎ কিয় কণমানিজনীক আক্ৰমণ কৰিলে সেয়াহে আশ্চৰ্য্যৰ বিষয় হৈ পৰিছে পৰিয়ালটোৰ বাবে৷
ভাৰতত পিটবুলৰ লগতে কোনকেইটা প্ৰজাতিৰ কুকুৰ পোঁহাত নিষেধাজ্ঞা আছে?
ভাৰতত পিটবুল, ৰটৱেইলাৰ, টেৰিয়াৰ, ককেচিয়ান শ্বেফাৰ্ড ডগ, জাপানীজ টোজা, কেনাৰিঅ’, ৰোডেছিয়ান ৰিজবেক, টোথা ইনু, আমেৰিকান ষ্টাফৰ্ডশ্বাইৰ টেৰিয়াৰ, ফিলা ব্ৰাজেলাৰিয়া, ডগ আৰ্জেণ্টিনা, আমেৰিকান বুলডগ, বজবয়েল, কংগল, চেন্ট্ৰেল এছিয়ান শ্বেফাৰ্ড ডগ, আকবাছ, জাপানীজ টোছা আৰু উলফ ডগ, মস্কো গাৰ্ড, কেন কৰ্চো, টৰ্নজাক আৰু টৰ্নজাক আদি ক্ৰয় আৰু বিক্ৰিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ভাৰতত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ