অসম লাইভ২৪ঃ ১৬ দিন ধৰি চলি থকা পিতৃপক্ষৰ আজি সপ্তম দিন। ১৪ অক্টোবৰত মহালয়া আৰু সৰ্বপিতৃ অমাবস্যাৰে শেষ হ’ব পিতৃপক্ষ। এই সময় পিতৃপুৰুষৰ বাবে সমৰ্পিত। কোনো জাতকৰ কোষ্ঠীত পিতৃদোষ থাকিলে সেয়া দূৰ কৰাৰ এয়াই শ্ৰেষ্ঠ সময়। পিতৃপক্ষৰ শ্ৰাদ্ধ, তৰ্পণ, পিণ্ডদানৰ কামত কলা তিল বিশেষভাৱে ব্যৱহৃত হয়। পিতৃ দোষৰ পৰা মুক্তি পাবলৈ কলা তিল আগবঢ়োৱাৰ কেইবাটও উপায় দিয়া আছে জ্যোতিষশাস্ত্ৰত। পূৰ্বপুৰুষৰ আশীৰ্বাদ লাভৰ বাবে কলা তিল কি কি উপায়েৰে আগবঢ়াব সবিশেষ জানি থওক।
অৰ্যমাৰ পূজা কৰক
শাস্ত্ৰমতে অৰ্যমাক পূৰ্বপুৰুষৰ দেৱতা বুলি কোৱা হয়। সেয়ে পিতৃপক্ষৰ সময়ত অৰ্যমা দেৱৰ পূজা কৰিব লাগে। ইয়াৰোপৰি অৰ্যমাৰ পূজাত কলা তিল নিবেদন কৰক। এই উপায়েৰে পূৰ্বপুৰুষক উপাসনা কৰিলে আপুনি আশীৰ্বাদ লাভ কৰিবই।
এই সময়ত বিষ্ণুক কলা তিল নিবেদন কৰক
পিতৃপক্ষৰ সময়ত ইন্দিৰা একাদশীও চলি থাকে। এই সময়ত বহুতেই পূৰ্বপুৰুষৰ উদ্দেশ্যেই উপবাসে থাকে। এই সময়ত বিষ্ণুপূজা কৰাৰ কেইটামান বিশেষ নিয়ম আছে। এই তিথিত বিষ্ণুক অৱশ্যেই কলা তিল নিবেদন কৰক। ইয়াৰ ফলত বিষ্ণু আৰু পূৰ্বপুৰুষ উভয়েই সুখী হয়। জীৱনত সুখ সমৃদ্ধিৰ আগমন ঘটিব।
তৰ্পণতো ক’লা তিল ব্যৱহাৰ কৰক
পিতৃপক্ষৰ প্ৰতিটো দিনেই পূৰ্বপুৰুষৰ উদ্দেশ্যে তৰ্পণ কৰা উচিত। তৰ্পণৰ পানীত ভুলতো ক’লা তিল নিদিব। ইয়াৰ ফলত পূৰ্বপুৰুষ প্ৰসন্ন হ’ব। ইয়াৰোপৰি ধন-বৈভৱৰ আশীৰ্বাদো লাভ কৰিব। উল্লেখ্য যে ক’লা তিল ব্যৱহাৰ কৰিলে যমৰাজ প্ৰসন্ন হয়। কাৰণ তিল যমৰ প্ৰিয়।
মহালয়াত এই পূজা কৰক
পিতৃপক্ষৰ শেষ দিনা মহালয়া বা সৰ্বপিতৃ অমাবস্যা। এই দিনটোতেই শ্ৰাদ্ধকৰ্ম কৰা হয়। যিসকলৰ পূৰ্বপুৰুষৰ মৃত্যু তিথি জ্ঞাত নহয়, তেওঁলোকক এই দিনটোতেই তৰ্পণ কৰা হয়, বহুতে পিণ্ডদানো কৰে। সেয়ে হিন্দু ধৰ্মত এই দিনকেইটাৰ বিশেষ মাহাত্ম্য আছে। এই দিনটোত পানী, ক’লা তিল দি পূৰ্বপুৰুষক তৰ্পণ কৰক। ইয়াৰফলত পিতৃদোষ দূৰ হ’ব।
ক’লা তিল ব্যৱহাৰৰ অন্য উপায়
ক’লা তিল শনিৰ অত্যন্ত প্ৰিয়। এইবাৰ শনিবাৰেই সৰ্বপিতৃ অমাবস্যা। সেয়ে এই তিথিত ক’লা তিল দানেৰে শনিৰ দশাৰ পৰা মুক্তি লাভ কৰিব। শনিবাৰে পানীৰ সৈতে কেঁচা গাখীৰ, চেনী আৰু ক’লা তিল মিহলাই অৰ্পণ কৰিব। কঠোৰ পৰিশ্ৰমৰ অন্ততো যদি আপুনি অসফল বা আৰ্থিক সমস্যাত পৰি আছে তেন্তে ক’লা তিল আগবঢ়ালে সুফল লাভ কৰিব। ইয়াৰ ফলত ক্ৰমশ উন্নতি হ’ব এই ৰাশিৰ জাতকৰ। তামৰ লোটাত পানী, ক’লা তিল মিহলাই শিৱৰ জলাভিষেক কৰিব। ইয়াৰ ফলত ব্যক্তিয়ে ৰোগৰ পৰা মুক্তি লাভ কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ