নিৰ্বাচনলৈ মাজত বেছি দিন নাই৷ ইতিমধ্যেই ঘোষণা কৰা হৈছে নিৰ্বাচনৰ দিন৷ প্ৰতিটো দলেই নিজা নিজা প্ৰাৰ্থী প্ৰক্ষেপৰ বাবে সাজুও হৈছে৷ ঘোষণাও হৈছে কোন দলে ক’ত ক’ত প্ৰাৰ্থী নিক্ষেপ কৰিছে৷ তাৰ মাজতেই প্ৰধান বিৰোধী দল কংগ্ৰেছৰ মাজত চলিছে পদত্যাগৰ জোৱাৰ৷ এজনৰ পাছত আনজন কংগ্ৰেছ নেতাই ত্যাগ কৰিছে দল৷ কংগ্ৰেছ দলত্যাগৰ জোৱাৰ দেখিয়েই সামাজিক মাধ্যমত পীয়ুষ হাজৰিকাই লিখিছে,
এটা মজাৰ কাহিনী কওঁ শুনক।
অসম কংগ্ৰেছে প্ৰতিমাহৰ ১০ তাৰিখক তেওঁলোকৰ ‘যোগদান দিৱস’ হিচাপে ঘোষণা কৰিছিল আৰু দাবী কৰিছিল যে বহু লোকে কংগ্ৰেছ দলত যোগদান কৰিব!
কিন্তু আজি ১৭ তাৰিখতে দেখা গৈছে— তেওঁলোকৰ দলত যোগদান কৰা সদস্যতকৈ দল এৰি যোৱা লোকৰ সংখ্যাহে বেছি হৈছে। এতিয়া যি হাৰত কংগ্ৰেছ দলত পদত্যাগৰ জোৱাৰ উঠিছে, চকু টিপ মাৰি উঠিলেই এটাকৈ পদত্যাগৰ বাতৰি দেখা পাওঁ। এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ!
’ ইফালে কংগ্ৰেছ নেতা প্ৰদ্যুত বৰদলৈয়ে মঙলবাৰে কংগ্ৰেছ দল ত্যাগ কৰিছে৷ প্ৰদ্যুত বৰদলৈয়ে দাখিল কৰিলে পদত্যাগ পত্ৰও৷ ইতিমধ্যে অমিত শ্বাহকো সাক্ষাৎ কৰিলে প্ৰদ্যুত বৰদলৈয়ে৷ গৌৰৱ গগৈ আৰু জীতেন্দ্ৰ সিঙে ঘৰলৈ গৈয়ো সৈমান কৰাব নোৱাৰিলে প্ৰদ্যুৎ বৰদলৈক৷ তেওঁ নতুন দিল্লীতে বিজেপিত যোগ দিয়াৰ সম্ভাৱনা আছে৷ বৰদলৈয়ে কংগ্ৰেছ ত্যাগ কৰাৰ পাছতেই পবিত্ৰ মাৰ্ঘেৰিটাই সামাজিক মাধ্যমত লিখিছে, ‘সনাতন সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাশীল আৰু বিজেপিৰ দৰ্শন-আদৰ্শত সংকল্পবদ্ধ হ’ব পৰা প্ৰতিজন ব্যক্তিৰ বাবেইতো বিজেপিৰ দুৱাৰ মুক্ত৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ