এই এপ্ৰিল চাৰি গ্ৰহৰ এক অত্যন্ত বিৰল যোগ ঘটিব৷ ৩০ বছৰৰ পাছত মীন ৰাশিত গঠন হ’ব চতুৰ্গ্ৰহী যোগ৷ সূৰ্য, শনি, মঙ্গল আৰু বুধ এই চাৰি গ্ৰহই একেলগে ৩০ বছৰৰ পাছত মীন ৰাশিত অৱস্থান কৰি গঠন কৰিব চতুৰ্গ্ৰহী যোগ৷ ইয়াৰ পূৰ্বে ১৯৯৬ চনত এই চাৰি গ্ৰহই একেলগে মীন ৰাশিত অৱস্থান কৰিছিল৷ সেই সময়ত কেইবাটাও দুৰ্ঘটনা দুৰ্যোগ ঘটে৷ নিউয়ৰ্কৰ লং আইলেণ্ডৰ ওচৰত বিমান দুৰ্ঘটনাত মৃত্যু হয় অন্তত ২৩০ জনৰ৷ ইয়াৰোপৰি ছাও পাওলৰ এটা শ্বপিং চেণ্টাৰত বিস্ফোৰণত মৃত্যু হয় ৪৪ জনৰ৷ ইয়াৰোপৰি একেই চতুৰ্গ্ৰহী যোগৰ কাৰণে বিপৰ্যয়ৰ আশংকা কৰিছে জ্যোতিষবিদে৷ জানি থওক মীন ৰাশিত চতুৰ্গ্ৰহী যোগত সাবধানে থাকিব কোন কোন ৰাশিৰ জাতক?
মেষ ৰাশি
বৰ্তমান শনিৰ চাৰে সাতি দশা চলিছে মেষ ৰাশিত৷ মেষ ৰাশিৰ অধিপতি গ্ৰহ মঙ্গল থাকিব দ্বাদশ ঘৰত৷ এই সময়ত আপুনি অত্যন্ত সতৰ্ক থাকিব লাগিব৷ ভাৱিচিন্তি কথা কওক৷ ডাঙৰ কোনো বিনিয়োগ নকৰিব৷ পাৰিবাৰিক জীৱনত টেনছন থাকিব৷ বাহিৰলৈ যোৱাৰ পৰিকল্পনা থাকিলে বাতিল কৰক৷ প্ৰতিদিনে হনুমান চালিছা পাঠ কৰক৷
কন্যা ৰাশি
ব্যক্তিগত সম্পৰ্ক আৰু পাৰিবাৰিক জীৱনত ক্ষতিৰ আশংকা কৰা হৈছে৷ স্বামী স্ত্ৰীৰ মাজত ভুল বুজাবুজি হ’ব পাৰে৷ যিসকলে অংশীদাৰিৰ ব্যৱসায় কৰি আছে তেওঁলোকৰ ক্ষতিৰ আশংকা আছে৷ এই সময়ত নতুন কিছু আৰম্ভ নকৰাই ভাল৷ প্ৰতিকাৰ হিচাপে আপুনি প্ৰতিদিনে সূৰ্যক পানীৰ অৰ্ঘ্য নিবেদন আৰু আদিত্য হৃদয় স্তোত্ৰ পাঠ কৰাৰ পৰামৰ্শ দিয়া হৈছে৷
তুলা ৰাশি
এপ্ৰিলত স্বাস্থ্যক লৈ ভুগিব লাগিব পাৰে তুলা ৰাশিৰ জাতকে৷ সেয়ে শৰীৰ আৰু স্বাস্থ্যক লৈ অৱহেলা কৰা উচিত নহয়৷ জীৱনলৈ হঠাৎ কষ্ট, প্ৰতিকূলতা আৰু যুদ্ধ বাঢ়িব পাৰে৷ কেৰিয়াৰত বহু বেছি পৰিশ্ৰম কৰিব লগা হব পাৰে তুলা ৰাশিৰ জাতকে৷ প্ৰতিকাৰ হিচাপে প্ৰতি মঙল আৰু শনিবাৰে সংকটমোচন হনুমান স্তোত্ৰ পাঠ কৰক৷
মীন ৰাশি
মীন ৰাশিতেই গঠিত হব চতুৰ্গ্ৰহী যোগ৷ এই ৰাশিত বৰ্তমান শনিৰ চাৰে সাতিৰ দ্বিতীয় পৰ্যায় চলিছে৷ ইয়াৰ ফলত মনৰ ওপৰত চাপ বাঢ়িব৷ কেৰিয়াৰতো সমস্যাত পৰিব পাৰে৷ প্ৰচুৰ পৰিশ্ৰম কৰিলে সামান্য সাফল্য পাব মীন ৰাশিৰ জাতকে৷ অপছন্দৰ স্থানলৈ ট্ৰেন্সফাৰ হব পাৰে৷ চাকৰিৰ বাবে প্ৰতীক্ষা আৰু দীৰ্ঘায়িত হব৷ প্ৰতি শনিবাৰে শনি মন্দিৰত সৰিয়হৰ তেলৰ প্ৰদীপ জ্বলাওক আৰু হনুমান চালিছা পাঠ কৰক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















