অসম লাইভ২৪ঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰীৱালে কেন্দ্ৰীয় চৰকাৰক বাজেট ৰখাই থোৱাৰ কাৰণ সুধিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন দীঘলীয়া চিঠিও লিখিছে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰীৱালে৷
কেজৰিৱালে প্ৰধানমন্ত্ৰীক চিঠিৰ জৰিয়তে দিল্লীবাসীক কিয় ইমান বেয়া পায় বুলিও প্ৰশ্ন উত্থাপন কৰিছে৷ চিঠিত তেওঁ লিখিছে যে স্বাধীন ভাৰতৰ ৭৫ বছৰীয়া ইতিহাসত প্ৰথমবাৰলৈ এনেদৰে এখন ৰাজ্যৰ বাজেট ৰখাই দিয়াৰ ঘটনা সংঘটিত হৈছে৷ কেজৰিৱালে প্ৰধানমন্ত্ৰী মোদীক সুধিছে, ‘আপুনি আমাক লৈ দিল্লীবাসীক লৈ ইমান দুখী কিয়? প্লীজ দিল্লীৰ বাজেট ৰখাই নথ’ব৷ দিল্লীবাসীয়ে আপোনাক হাতযোৰ কৰি প্ৰাৰ্থনা কৰিছে আপুনি বাজেট মুকলি কৰি দিয়ক৷’
ইয়াৰপূৰ্বেও কেজৰীৱালে কৈছিল যে, কেন্দ্ৰই দিল্লীৰ বিত্তীয় বৰ্ষ ২০২৩-২০২৪ ৰ বাবে বাজেট বিধানসভাত উত্থাপন কৰাত আৰোপ লগাইছে কেন্দ্ৰই৷ সূত্ৰই প্ৰকাশ কৰামতে গৃহ মন্ত্ৰালয়ে দিল্লী চৰকাৰৰ বাজেটত আৰোপ লগোৱাৰ বাবেই আজি বাজেট উত্থাপন কৰিব নোৱাৰিব বিত্তমন্ত্ৰীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ