অসম লাইভ ২৪ঃ প্ৰধানমন্ত্ৰী ধন জন যোজনা৷ দেশৰ দৰিদ্ৰ জনসাধাৰণৰ বাবে প্ৰধানমন্ত্ৰীৰ এক বৃহৎ বিত্তীয় আঁচনি৷ এই আঁচনিৰে উপকৃত হৈছে দেশৰ লক্ষাধিক নাগৰিক৷ কোভিডৰ নতুন সংস্কৰণ অমিক্ৰণে ইতিমধ্যে ভাৰততো ভুমুকি মাৰিছে৷ আক্ৰান্ত হৈছে বহুসংখ্যক লোক৷ এনে সময়তে প্ৰধানমন্ত্ৰী ধন জন যোজনাৰ একাউণ্ট থকাসকললৈ আহিছে এটা ভাল খবৰ৷ এইবাৰ এই একাউণ্ট থকাসকলে লাভ কৰিব লক্ষাধিক টকা৷
কিন্তু কেনেকৈ?
প্ৰধানমন্ত্ৰী ধন জন যোজনাৰ অধীনত এতিয়াৰেপৰা হিতাধিকাৰীয়ে লাভ কৰিব ১.৩ লাখকৈ টকা৷ এই আঁচনিৰ অধীনত শূন্য মূলধনত বীমা কৰিব পাৰে হিতাধিকাৰীয়ে৷ ১ লাখ টকা পৰ্যন্ত দুৰ্ঘটনা বীমা আৰু ৩০ হাজাৰ টকাৰ সাধাৰণ বীমাৰ সুবিধা আছে হিতাধিকাৰীসকলৰ বাবে৷ যিসকল লোকে এতিয়াও একাউণ্ট খোলা নাই তেওঁলোকে শীঘ্ৰেই একাউণ্ট খুলিব পাৰে৷ বেংক আৰু ডাকঘৰত একাউণ্ট খোলৰ সুবিধা আছে নাগৰিকৰ বাবে৷ ১০ বছৰ ঊৰ্ধৰ শিশু তথা প্ৰতিগৰাকী ভাৰতীয়ই একাউণ্ট খুলিব পাৰে জন ধনৰ অধীনত৷ আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড বা পেন কাৰ্ড আদি যাৱতীয় তথ্য পাতিৰ জৰিয়তে একাউণ্ট খুলি আপুনিও গ্ৰহণ কৰিব পাৰে এই সুবিধা৷ মধ্যভোগীৰ হাত নথকাকৈ হিতাধিকাৰীয়ে পোনে পোনেই লাভ কৰে এই আঁচনিৰ ধনৰাশি৷
এই আঁচনিৰ সুবিধাসমূহ—
- একাউণ্ট খোলাৰ ৬ মাহৰ পাছত অভাৰড্ৰাফ্টৰ সুবিধা
- ২ লাখ পৰ্যন্ত দুৰ্ঘটনা বীমাৰ সুবিধা
- ৩০ হাজাৰ টকালৈ জীৱন বীমাৰ সুবিধা
- একাউণ্টৰ লগতে ফ্ৰী মোবাইল বেংকিঙৰ সুবিধা
- এই একাউণ্টৰ জৰিয়তে দেশৰ যিকোনো প্ৰান্তত ট্ৰান্সফাৰৰ সুবিধা
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ