• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
yogi and modi

ভাৰতীয় নিৰ্বাচনৰ গৱেষণাগাৰ! উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত শেষ হাঁহি কাৰ?

5 years ago
জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

6 hours ago
ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

6 hours ago
চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

7 hours ago
এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

8 hours ago
‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

8 hours ago
MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

9 hours ago
জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

10 hours ago
CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

11 hours ago
‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

11 hours ago
আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

12 hours ago
ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

13 hours ago
ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

ভাৰতীয় নিৰ্বাচনৰ গৱেষণাগাৰ! উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত শেষ হাঁহি কাৰ?

editor by editor
January 3, 2022
in ভাৰত, ৰাজনীতি, লেখা
0
yogi and modi

up-assembly-election

0
SHARES
158
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশৰ ভিতৰত সৰ্ববৃহৎ ৰাজ্য উত্তৰ প্ৰদেশৰ বিধানসভাৰ নিৰ্বাচন সমাগত। দুমাহৰো কম সময়ৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া উত্তৰ প্ৰদেশৰ নিৰ্বাচন দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটত সবাতোকৈ গুৰুত্বপূৰ্ণ। এই প্ৰদেশৰ বিধানসভাৰ নিৰ্বাচনৰ ফলাফলে ২০২৪ চনৰ লোকসভাৰ নিৰ্বাচনত পোনপটীয়াকৈ প্ৰভাৱ পেলাব।

৮০খনকৈ লোকসভাৰ আসন থকা প্ৰায় ২১ কোটিৰ জনসংখ্যাৰ উত্তৰ প্ৰদেশত আছে ৪০৩খনকৈ বিধান সভাৰ আসন। এনেকুৱা এখন বৃহৎ ৰাজ্যৰ নিৰ্বাচনত কেৱল এটা বা দুটা নহয়, একাধিক বিষয়ে ক্ৰিয়া কৰে। অসমৰ দৰে ৰাজ্যত যিদৰে উন্নয়ন তথা ধৰ্ম মূল বিষয় হৈ পৰিছিল কিন্তু উত্তৰ প্ৰদেশত এই দুটাৰ লগতে একাধিক বিষয় মানে ইছ্যু অন্তৰ্নিহিত হৈ আছে।

কোনোবোৰ বিষয়?

জাত-পাতৰ পৰা আৰম্ভ কৰি ধৰ্মৰ লগতে উত্তৰ প্ৰদেশত এইবাৰ মূল বিষয় হৈ পৰা নিৰ্বাচনী ইচ্ছুবোৰ হৈছে কৃষক আন্দোলন, কোভিড ব্যৱস্থাপনা, ধৰ্মীয় মেৰু বিভাজন, আইন ব্যৱস্থা, ব্ৰাহ্মণ সমাজ, চৰকাৰী কামৰ খতিয়ান, প্ৰধান মন্ত্ৰী মোদীৰ ছবি আৰু অন্যান্য কেতবোৰ বিষয়।

মূলত: প্ৰতিটো দলে এই বিষয়কেইটাত মনোনিৱেশ কৰি তুষ্টিকৰণৰ ৰাজনীতিত সোমাই পৰিছে। বিনামূলীয়া বিতৰণৰ ৰাজনীতিত কোনো এটা দল পাছ পৰি ৰোৱা নাই। বিজেপিয়ে একাধিক প্ৰকল্প আৰু আঁচনিৰ উদ্বোধন কৰাৰ লগতে বিনামূলীয়াকৈ স্মাৰ্টফোন বিতৰণ কৰিছে। একেদৰে বিনামূলীয়া বিজুলি বিতৰণৰ কথা কংগ্ৰেছ, সমাজবাদী পাৰ্টী, আৰএলডি, আম আদমী পাৰ্টীয়ে কৈছে। 

ইমানবোৰ প্ৰতিশ্ৰুতিৰ পাছতো ভোটাৰ কোন দিশে?

এইবাৰৰ উত্তৰ প্ৰদেশৰ নিৰ্বাচনত ২০১৭ৰ মোদী ঢৌৰ তুলনাত যোগী আদিত্যনাথ বিজেপিৰ ট্ৰাম্প কাৰ্ড হৈ পৰিছে। কোনো এখন নিৰ্বাচনী সভাত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কৈছে, ২০২৪ত যদিহে মোদী পুনৰবাৰ আহিব লাগে তেন্তে ২০২২ত যোগী অহাটো প্ৰয়োজনীয়।

অৰ্থাৎ যোগী আহিলেহে মোদী আহিব! ২০১৭চনত বিজেপিৰ মহাজয়ৰ পাছত অকস্মাৎ যোগীক মুখ্যমন্ত্ৰীয়ে হিচাপে প্ৰক্ষেপ কৰি বিজেপিয়ে চমক সৃষ্টি কৰিছিল। কিন্তু এইবাৰ নিৰ্বাচন যোগী নিজেই এক পৰিচয় হৈ পৰিছে। দুৰ্নীতিৰ সৈতে কোনো সম্পৰ্ক নথকা অথবা কাম কৰাৰ ক্ষেত্ৰত সদায় আগৰণুৱা যোগী অদিত্যনাথৰ ভাৱমূৰ্তি নিকা।

প্ৰদেশখনৰ বিভিন্ন ধৰণে উন্নয়নমূলক কাম কৰা তথা প্ৰতিটো ক্ষেত্ৰত ক্ষীপ্ৰতাৰে সিদ্ধান্ত গ্ৰহণ কৰি কামবোৰ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত যোগীৰ নাম আছে। অলপতে লখিমপুৰ-খেৰীত সংঘটিত ঘটনাত বিজেপি কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰৰ নাম সাঙুৰ খাই পৰা তথা তেওঁ সমণ্বিতে অন্য অভিযুক্ত (বিজেপি নেতা-কৰ্মী) গ্ৰেপ্তাৰ কৰা ঘটনাই যোগী আদিত্যনাথ চৰকাৰৰ সৎ সাহস ব্যক্ত কৰিছে। উন্নয়ন আৰু কৰ্মক্ষেত্ৰত তৎপৰ যোগী আদিত্যনাথ নেতৃত্বাধীন বিজেপি চৰকাৰৰ এই নিৰ্বাচনক শংকা কেনেকৈ আহিছে?

এই নিৰ্বাচনত বিজেপিৰ পৰাজয়ৰ শতাংশ হিচাপ তেনেই কম দেখা গৈছে কিন্তু জাতিবাদ তুংগত থকা উত্তৰ প্ৰদেশত মাথো ১০-১২ শতাংশ ব্ৰাহ্মণে বিশেষ ভূমিকা পালন কৰি আহিছে। ৰাষ্ট্ৰীয় সংবাদ পত্ৰ “নৱ ভাৰত টাইমছ”ৰ এটা বাতৰিৰ উদ্ধৃতি দি উল্লেখ কৰিব বিচাৰিছোঁ যে উত্তৰ প্ৰদেশৰ এইবাৰৰ নিৰ্বাচনত ব্ৰাহ্মণ ভোটে বিশেষ ক্ৰিয়া কৰিব। বাৰাণসী হিন্দু বিশ্ববিদ্যালয়ৰ সামাজিক বিজ্ঞান বিভাগৰ ডীন কিশোৰ মিশ্ৰাই কয় যে ব্ৰাহ্মণৰ শক্তিক সকলো ৰাজনৈতিক দলে উপলব্ধি কৰে। ব্ৰাহ্মণ ভোকেল হয় আৰু যি দলৰ সৈতে থাকে সেই দলৰ প্ৰতি দহজন ভোটাৰক আকৰ্ষিত কৰিব পাৰে। একেই মন্তব্য লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ প্ৰফেছৰ এছ কে দ্বিবেদীৰ। প্ৰফেচৰ দ্বিবেদীৰ মতে, “ব্ৰাহ্মণসকল প্ৰভাৱশালী হয় সেয়েহে যি দলৰ সৈতে থাকে সেই দলেৰ ৰাজনৈতিক স্থিতি শক্তিশালী হয়। এই কাৰণটোৰ বাবেই সকলো ৰাজনৈতিক দল নিৰ্বাচনৰ পূৰ্বে ব্ৰাহ্মণৰ ওচৰ চাপে।”

উল্লেখ্য যে অলপতে উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ দায়িত্বত থকা কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে উত্তৰ প্ৰদেশৰ সকলো ব্ৰাহ্মণ নেতাৰ সৈতে এখন বৈঠকত মিলিত হয় আৰু এই সন্দৰ্ভত এখন নিৰ্বাচনী কমিটিও গঠন কৰে। যোগী আদিত্যনাথৰ (যাৰ প্ৰকৃত নাম অজয় সিং বিষ্ট–ঠাকুৰ সম্প্ৰদায়) কেতবোৰ সিদ্ধান্তক লৈ উত্তৰ প্ৰদেশৰ ব্ৰাহ্মণ সমাজ অসন্তষ্ট হৈ আছে আৰু এই কথা একাধিক ব্ৰাহ্মণ নেতাই ৰাজহুৱাকৈ স্বীকাৰ কৰিছে।

এইখিনিতে নিৰ্বাচনী প্ৰেক্ষাপটত উজলি উঠিছে সমাজবাদী পাৰ্টী(এছপি) আৰু বহুজন সমাজবাদী পাৰ্টীৰ(বিএছপি) ৰাজনীতি। ২০০৭চনত বিএছপিয়ে ব্ৰাহ্মণ-দলিতৰ মাজত সমণ্বয় স্থাপন কৰি মায়াৱতীয়ে শাসন লাভ কৰিছিল আৰু একেদৰে ২০১২ৰ বিধানসভা নিৰ্বাচনত অখিলেখ যাদৱে ব্ৰাহ্মণ-দলিত-অন্যান্য বৰ্গৰ সমৰ্থন লাভ কৰি মুখ্যমন্ত্ৰী হৈছিল। অৱশ্যে ২০১৭ চনৰ বিধানসভাৰ নিৰ্বাচনত মোদী ঢৌৱে সম্পূৰ্ণৰূপে ক্ৰীয়া কৰিছিল আৰু উন্নয়নৰ ৰাজনীতিত সকলোৱে গুৰুত্ব দিছিল। কিন্তু বিগত পাঁচটা বৰ্ষত হোৱা কেতবোৰ ঘটনাৱলীয়ে (কেইবাটাও জাতিগত ঘটনা- হাথৰছৰ ধৰ্ষণ, উনাওৰ ধৰ্ষণ, লখিমপুৰ-খেৰিত কৃষকৰ ওপৰত আক্ৰমণ আদি) ৰাজনৈতিক প্ৰেক্ষাপট সলনি কৰিছে।

এইবাৰৰ বিধানসভাৰ নিৰ্বাচনত বিজেপি নেতৃত্বধীন চৰকাৰ তথা প্ৰধানমন্ত্ৰী মোদীয়ে একাধিক বিকাশমূলক কাম-কাজেৰে উত্তৰ প্ৰদেশৰ জনতাৰ মন সন্তুষ্ট কৰিছে। একাধিক ঘাইপথৰ উন্নয়ন (এক্সপ্ৰেৱৱেবোৰ), কাশী বিশ্বনাথ ধামৰ উন্নয়ন, বুদ্ধ চাৰ্কিটৰ ওপৰত কাম, অযোধ্যাত ৰাম মন্দিৰ তথা আন্তঃগাঁথনিৰ উন্নয়নত যথেষ্ট কাম কৰিছে যদিও জাতিগত ৰাজনীতি তথা জাতিগত বিকাশৰ ওপৰত গুৰুত্ব দিয়া উত্তৰ প্ৰদেশৰ জনতাৰ মাজত অখিলেখ যাদৱে (মায়াৱতীৰ তুলনাত) এইবাৰ চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে। এতিয়াৰ প্ৰেক্ষাপটত উত্তৰ প্ৰদেশৰ নিৰ্বাচনী যুঁজ মূলত যোগী-মোদীৰ বিজেপি আৰু অখিলেখৰ সমাজবাদী পাৰ্টীৰ মাজত চলিব ধৰিছে। নিৰ্বাচনী খেলৰ অন্তিম পৰিণিতি কি হ’ব সেয়া জনতাৰ ৰায়দানেহে স্পষ্ট কৰি তুলিব।

 

শোণিত কুমাৰ গোস্বামী
পৰামৰ্শদাতা ভাষা সম্পাদক, নিউ ইণ্ডিয়া সমাচাৰ    
নতুন দিল্লী
ফোনঃ ৯৮৯৯৬৬০৫৮২

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: akhilesh yadavasom bjpasom live 24assam live 24axom live 24bspmayawatispup bjpup electionyogi aditya nath
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী
জীৱনশৈলী

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

September 1, 2026
চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!
বিশ্ব

চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

September 1, 2026
এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন
জীৱনশৈলী

এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

September 1, 2026
‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’
বিনোদন

‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

September 1, 2026
Next Post
leopard

দৰঙত বাঘক লৈ বন বিভাগৰ ল'ৰা-ধেমালি। ভলীবলৰ নেটৰে বানৰজাক ধৰিবলৈ আহি ৰেঞ্জাৰৰ বিলাই

wife of hitler dihingia

সন্তান কোলাত লৈ ইনাই-বিনাই ফুৰিছে মহিলা। লখিমপুৰৰ হিটলাৰৰ পত্নীক কোনে দিব ন্যায়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.