অসম লাইভ ২৪ঃ দেওবাৰে আত্মহননৰ পথ বাছি লোৱা আটাছুৰ নেতা হিটলাৰ দিহিঙীয়াৰ মৃত্যুৰ উচিত বিচাৰ আৰু দোষীৰ শাস্তিৰ দাবী জনাই মঙলবাৰে লখিমপুৰ সদৰ থানাত হাজিৰ হয় কণমানি সন্তানসহ দিহিঙীয়াৰ বিধৱা পত্নী।
থানা চৌহদত হিয়া ঢাকুৰি কন্দা দৃশ্যই উপস্থিতসকলক আৱেগবিহ্বল কৰি তোলে। ইফালে হিটলাৰ দিহিঙীয়াৰ ছুইচাইড নোটত উল্লেখ থকা মৃদুল কোঁৱৰ, গুণ ফুকন আৰু অচ্যুত বুঢ়াগোহাঁইক গ্ৰেপ্তাৰৰ দাবীৰে সদৰ থানাত গোচৰ তৰে জাগৃত নাৰী শক্তি সমিতিয়ে।
সমিতিৰ স্পষ্ট অভিযোগ, টাই আহোম ছাত্ৰ সন্থাৰ লগতে টাই আহোম কৃষ্টি বিকাশ কেন্দ্ৰৰ জন্মদাতা হিটলাৰক সংগঠনৰ একাংশই অৱহেলা কৰাৰ বাবেই হতাশাগ্রস্ত হৈ হিটলাৰে আত্মহত্যাৰ পথ বাছি লয়। এজাহাৰত সংগঠনটোৱে চুইচাইড নোটত উল্লেখ থকা তিনি ব্যক্তিক গ্ৰেপ্তাৰৰ দাবী জনায়।
ৰহস্যজনকভাৱে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে উচিত বিচাৰৰ আশ্বাস দিলেও এই পৰ্যন্ত কাকো গ্ৰেপ্তাৰ কৰা নাই। দেওবাৰে কি পৰিস্থিতিত, কিয় আত্মহননৰ দৰে সিদ্ধান্ত ল’বলগীয়া হৈছিল সকলো উল্লেখ কৰি নিজকে নিঃশেষ কৰিছিল ছাত্ৰ নেতাজনে। লখিমপুৰৰ পৰা জীৱন গোস্বামীৰ ৰিপোৰ্ট।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ