অসম লাইভ ২৪ঃ ৩ দিনীয়া ভ্ৰমণসূচীৰে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ ৰাষ্ট্ৰসংঘৰ বাৰ্ষিক মহাসভাত বিশ্বৰ ১৯৩ খন ৰাষ্ট্ৰক সম্বোধন কৰিব মোদীয়ে৷ ২৪ ছেপ্টেম্বৰত হোৱাইট হাউচত ৰাষ্ট্ৰপতি জ’ বাইডেনক সাক্ষাৎ কৰিব মোদীয়ে৷ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সৈতে দ্বি-পাক্ষিক বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী মোদী৷ উপস্থিত থাকিব উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ৷ অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিচন আৰু জাপানৰ প্ৰধানমন্ত্ৰী সৈতেও মিলিত হ’ব বৈঠকত৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ শীৰ্ষ ব্যৱসায়ীসকলৰ সৈতে কোভিড সন্দৰ্ভতো গ্ল’বেল বৈঠকত মিলিত হ’ব ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী৷ আফগানিস্তান সন্দৰ্ভতো আলোচনাত মিলিত হ’ব বিভিন্ন ৰাষ্ট্ৰৰ মুৰব্বীসকল৷ তিনিদিনীয়া এই ভ্ৰমণসূচীত প্ৰধানমন্ত্ৰী মোদীক সংগ দিছে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু কেইবাগৰাকী শীৰ্ষ বিষয়া৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ