অসম লাইভ ২৪ঃ সমগ্ৰ বিশ্বৰ লগতে ভাৰততো দ্ৰুত গতিত বৃদ্ধি পাইছে অমিক্ৰণ সংক্ৰমণৰ ঘটনা৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, সম্প্ৰতি ভাৰতত ২১৬টা অমিক্ৰণ সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে৷ ইয়াৰে সৰ্বাধিক আক্ৰান্তৰ সংখ্যা হৈছে মহাৰাষ্ট্ৰ আৰু দিল্লীৰ৷ দেশৰ ১৫ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত গ্ৰুত গতিতে বৃদ্ধি এই সংক্ৰমণ৷ দিল্লীত ৫৭টা, মহাৰাষ্ট্ৰত ৬৫, তেলেংগনাত ২৪, কৰ্ণাটকত ১৯, ৰাজস্থানত ১৮, কেৰালাত ৯ টা, গুজৰাটত ২৩টা আৰু হাৰিয়ানাত ১টা সংক্ৰমণৰ ঘটনা নিশ্চিত হৈছে৷ দেশত কোভিডৰ তৃতীয় ঢৌৰ আশংকা প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান কৰিছে এক উচ্চ পৰ্যায়ৰ বৈঠক৷ দেশৰ শেহতীয়া পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে৷ কোভিডৰ তৃতীয় ঢৌৰ আশংকাৰ প্ৰকাশ কৰি কোভিডৰ বিৰুদ্ধে প্ৰাৰম্ভিক সতৰ্কতা অৱলম্বনৰ বাবে লিখিত নিৰ্দেশনা জাৰি কৰিছে প্ৰতিখন ৰাজ্যলৈ৷ ইফালে, আগন্তুক ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সতৰ্ক থাকিবলৈ বিশ্ববাসীক আহ্বান জনাইছে বিশ্বৰ অন্যতম প্ৰভাৱশালী ব্যক্তি বিল গেটচে৷ বিল গেটচৰ মতে, ইতিহাসত সৰ্বাধিক সংক্ৰামক ভাইৰাছ হৈছে অমিক্ৰণ৷ অন্য মাৰাত্মক ভাইৰাছৰ তুলনাত অধিক গ্ৰুত গতিত সংক্ৰমিত অমিক্ৰণ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















