কৰ্ণাটকৰ মাংগালুৰুত বৃহস্পতিবাৰে নিশা এক আক্ৰমণত বজৰং দলৰ প্ৰাক্তন সদস্য সুহাছ শেঠিয়ে প্ৰাণ হেৰুৱাইছে৷ আক্ৰমণৰ ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈছে সামাজিক মাধ্যমত৷ আৰক্ষীয়ে জনাইছে যে নিশা ৮ বাজি ২৭ মিনিটত সুহাছ আৰু পাঁচজন সংগীয়ে এখন বাহনেৰে যাত্ৰা কৰাৰ সময়তে দুখন বাহনেৰে অহা ৫-৬টা আক্ৰমণকাৰীৰ পদে বাট ভেটি ধৰে৷ সুহাছক তৰোৱাল আৰু ধৰাল অস্ত্ৰৰে আঘাত কৰি পলাই যায় দুষ্কৃতিকাৰীৰ দলটো৷ লগে লগেই এ জে হাস্পতালত ভৰ্তি কৰোৱাৰ পাছত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়৷
এই ঘটনাৰ পাছতেই হাস্পতালত হিন্দুত্ববাদী কৰ্মীয়ে ভিৰ কৰে৷ বিজেপি সাংসদ নলিন কুমাৰ কাটিল, বিধায়ক ভাৰত শেঠিকে ধৰি কেইবাজনো হিন্দুত্ববাদী নেতা উপস্থিত হৈছে হাস্পতালত৷ হিন্দু সংগঠন বিশ্ব হিন্দু পৰিষদে শুকুৰবাৰে পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজা পৰ্যন্ত মাংগালুৰু বন্ধৰ আহ্বান জনাইছিল৷ আইন শৃংখলা বৰ্তাই ৰাখিবলৈ এলেকাজুৰি ১৪৪ ধাৰাও জাৰি কৰা হৈছে৷ সুহাছ শেঠি ২০২২ চনত মুছলমান যুৱক মহম্মদ ফাজিল হত্যাকাণ্ডৰ মূল অভিযুক্ত হিচাপে চিহ্নিত হৈছিল৷ সেই হত্যাৰেই প্ৰতিশোধ লোৱা বুলি প্ৰায়সংখ্যকেই ধাৰণা কৰিছে৷ ৰাষ্ট্ৰীয় সংবাদমাধ্যমেও এই বাতৰি প্ৰকাশ কৰি সেই সন্দেহেই ব্যক্ত কৰিছে৷
কৰ্ণাটকৰ মুখ্যমন্ত্ৰীয়ে ঘটনাক লৈ বিশেষ তদন্ত কমিটি গঠন কৰিছে৷ মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কয়, ‘তদন্ত চলিছে দোষী হাৰি যাব নোৱাৰে৷ আমাৰ আহ্বান সকলো পক্ষই শান্তি বৰ্তাই ৰাখক৷’ সুহাছক আক্ৰমণ কৰি হত্যা কৰাৰ সন্দেহত আৰক্ষীৰ তদন্তকাৰী কমিটিয়ে ৮ ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে৷ ঘটনাৰ মূল অভিযুক্ত আব্দুল চফৱান, ফাজিলৰ ভাতৃ আদিল, নিয়াজ, মুজাম্মিল, কলন্দৰ শ্বাফি, ৰিজৱান, ৰঞ্জিত আৰু নাগৰাজক গ্ৰেপ্তাৰ কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















