আৰ জি কৰৰ তৰুণী চিকিৎসকক শেষ কৰা ঘটনাক লৈ অব্যাহত আছে তদন্ত প্ৰক্ৰিয়া৷ নিহত চিকিৎকৰ এখন পাৰ্ছনেল ডায়েৰীয়ে এতিয়া লাভ কৰিছে চৰ্চা৷ নিয়মিত ডায়েৰি লিখিছিল চিকিৎসকগৰাকীয়ে৷ চিকিৎসকগৰাকীৰ পিতৃ-মাতৃও সেই সম্পৰ্কে জ্ঞাত আছিল৷ আনকি তৰুণী চিকিৎসক গৰাকীক যিদিনা ধৰ্ষণ কৰি হত্যা কৰা হ’ল সেইদিনা সেই স্থানৰ পৰা উদ্ধাৰ হৈছিল এখন ডায়েৰি৷ সূত্ৰৰ খবৰ অনুসৰি ডায়েৰীৰ কেইবাখনো পৃষ্ঠা চিঙা আছিল৷ সেই নিশা আচলতে ঘটিছিল কি? সকলোবোৰ উল্লেখ আছিল ডায়েৰিৰ পৃষ্ঠাত, যাৰবাবে ডায়েৰিৰ বিশেষ কেইটামান পৃষ্ঠা নোহোৱা কৰি দিলে অভিযুক্তই বুলি সন্দেহ পৰিয়ালৰ লগতে তেওঁৰ সহকৰ্মীৰো৷
ঘটনাৰ অনুসন্ধানৰ বাবে বিশেষ ডায়েৰিখন চিবিআইৰ হাতত তুলি দিছে ছিটৰ তদন্তকাৰী অফিচাৰে৷ সূত্ৰৰ খবৰ মতে নিহত চিকিৎসকৰ দেহৰ কাষৰ পৰা উদ্ধাৰ হৈছিল বিশেষ ডায়েৰিখন, এই ডায়েৰিখনৰ কেইটামান পৃষ্ঠা ছিঙা আছিল৷ সেই ডায়েৰি আৰু ঘটনাস্থলৰ পৰা উদ্ধাৰ হোৱা চিকিৎসকগৰাকীৰ লেপটপ পূৰ্বেই লৈ গৈছে আৰক্ষীয়ে৷ ডায়েৰিৰ পৃষ্ঠাত ৰহস্যৰ গোন্ধ থাকিলেও সেই ডায়েৰিৰ কেইটামান পৃষ্ঠা চিঙি পেলোৱা হৈছে৷ যাৰবাবে কোনো তথ্য লাভ কৰা নাই ছিটৰ তদন্তকাৰী অফিচাৰে৷
শনিবাৰে ছোদপুৰৰ ঘৰত সংবাদমাধ্যমৰ মুখামুখি হয় নিহত চিকিৎসকৰ পিতৃ-মাতৃ৷ তাতেই সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁলোকে কয়, ‘এতিয়া যি দেখিছো এই ঘটনাৰ আঁৰত বৃহৎ চক্ৰ আছে৷ সেইয়া আমি নহয় সকলোৱে বুজি পাইছে৷ হাস্পতালত অবৈধ কাম নিশ্চয় হৈছিল৷ আমাৰ কন্যাই কিন্তু আমাৰ আগত কাহানিও এই কথা কোৱা নাছিল৷ আমি চিন্তা কৰিম ভাৱিয়েই এইবোৰ কথা তাই হয়তো আমাক কোৱা নাছিল৷ কিন্তু মাজে মাজে তাই কৈছিল আৰ জি কৰলৈ যাবলৈ তাইৰ ভাল নালাগে৷ যিদিনা তাইক শেষ কৰিলে সেই দিনাৰ বহু কথাই তাই ডায়েৰিৰ পৃষ্ঠাত লিখি গৈছে৷ সকলোবোৰ ডায়েৰিত আছে৷ পুলিছে তাইৰ ডায়েৰি চিছ কৰিছে৷’
ডায়েৰিত প্ৰকৃততে কি লিখা আছে সেয়া তদন্তৰ স্বাৰ্থত ৰাজহুৱা কৰিব খোজা নাই পিতৃ-মাতৃয়ে৷ পিতৃ-মাতৃয়ে পোনতে আৰক্ষীৰ ওপৰত ভৰসা কৰিছিল যদিও এতিয়া চিবিআইৰ ওপৰত ভৰসা ৰাখিছে নিৰ্যাতিতাৰ পৰিয়ালে৷ পিতৃ-মাতৃয়ে কয়, ‘প্ৰাথমিক অৱস্থাত আৰক্ষীক ভৰসা কৰিছিলো৷ কিন্তু কিছু গাফিলতি আমাৰ নজৰত অহাৰ বাবে চিবিআই তদন্ত বিচাৰিছিলো৷ চেমিনাৰ ৰুমত সেই কাণ্ড হৈছিল নে আন কৰোবাত হৈছিল সেই কথা এতিয়াও স্পষ্ট নহয়৷ আমাৰ মতে অন্য কৰোবাত এই কাণ্ড কৰি তাইৰ দেহ চেমিনাৰ ৰুমত পেলাই থৈ গৈছে৷ সেয়ে প্ৰমাণ লুকুৱাবলৈ বিভিন্ন প্ৰকাৰে চেষ্টা চলাই থকা হৈছে৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ