পোষ্ট অফিচ ৰেকাৰিং ডিপোজিট RD স্কিম সৰু বিনিয়োগকাৰীৰ বাবে এক চমৎকাৰ সঞ্চয় বিকল্প৷ আপুনি প্ৰতি মাহত ১০০ টকাৰে আৰম্ভ কৰিব পাৰে এই আৰ ডি স্কিম৷ এই স্কিমটোৰ বাবে এক নিৰ্দিষ্ট মাহিলী ধনৰ প্ৰয়োজন, যাৰ পৰা চক্ৰবৃদ্ধি সুদ বা কম্পাউণ্ড ইণ্টাৰেষ্ট পোৱা যায়৷ ইয়াৰ অৰ্থ হৈছে আপুনি যিমান বেছি সময় বিনিয়োগ কৰিব. আপোনাৰ ৰিটাৰ্ণ তাতকৈ বেছি হ’ব৷ চৰকাৰ সমৰ্থিত হোৱাৰ বাবে ই সম্পূৰ্ণ নিৰাপদ৷ এই স্কিমত যিমানেই নিয়মিত সঞ্চয়ৰ অভ্যাস গঢ়ি তুলিব খোজে তেওঁলোকৰ বাবে আদৰ্শ৷
এই স্কিমত আপোনাৰ ধন হেৰুওৱাৰ ভয় নাই
যদি আপুনি এক নিৰাপদ বিনিয়োগ বিচাৰে তেন্তে চৰকাৰ সমৰ্থিত এই স্কিম দুৰ্দান্ত বিকল্প৷ ই বজাৰৰ ওঠানমাৰ দ্বাৰা প্ৰভাৱিত নহয় অৰ্থাৎ আপোনাৰ ধন সম্পূৰ্ণ নিৰাপদ৷ এই স্কিমৰ সুদৰ হাৰ পূৰ্বনিৰ্ধাৰিত, যিয়ে আপোনাক এক নিৰ্দিষ্ট মাহিলী ৰিটাৰ্ণ প্ৰদান নিশ্চিত কৰে৷ ষ্টক মাৰ্কেট বা মিউচুৱেল ফাণ্ডৰ দৰে ক্ষতিৰ কোনো আশংকা নাই৷ সেই কাৰণেই লাখ লাখ মানুহে ইয়াক সঞ্চয় আৰু তেওঁলোকৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ এক নিৰ্ভৰযোগ্য উপায় বুলি ধাৰণা কৰে৷
৫ লাখ হ’ব ৩৫ লাখ
আপুনি যদি প্ৰতিমাহে আপোনাৰ আয়ৰ ৫০,০০০ টকা পোষ্ট অফিচ ৰেকাৰিং ডিপোজিট স্কিমত বিনিয়োগ কৰিলে ই আপোনাৰ বাবে হৈ পৰিব এক চমৎকাৰ বিকল্প৷ এই চৰকাৰী স্কিমত ৫ বছৰ ধৰি ধাৰাবাহিকভাৱে বিনিয়োগ কৰিলে মুঠ ৩০লাখ টকা জমা হ’ব পাৰে৷ যি সুদৰ সৈতে প্ৰায় ৩৫ লাখ টকা হ’ব৷ ইয়াৰ মানে হৈছে ৫ বছৰৰ বাবে ৫০,০০০ টকা বিনিয়োগ কৰিলে আপোনাৰ বিনিয়োগ বাঢ়ি ৩০,০০,০০০ টকা হ’ব আৰু আপোনাৰ বিনিয়োগৰ ওপৰত ৰিটাৰ্ণ হ’ব ৫,৬৮,২৯১ টকা৷ যাৰ ফলত মুঠ ফাণ্ড হ’ব ৩৫ লাখ টকা৷ পোষ্ট অফিচ আৰ ডিৰ সকলোতকৈ ডাঙৰ সুবিধা হৈছে ইয়াৰ নিৰাপত্তা আৰু নিশ্চিত ৰিটাৰ্ণ৷
মাহিলী বিনিয়োগ- ৫০,০০০ টকা৷
বিনিয়োগৰ সময়কাল-৫ বছৰ
মুঠ জমাৰ পৰিমাণ- ৩০,০০,০০০ টকা৷
প্ৰাপ্ত সুদ- ৫,৬৮,২৯১ টকা
এই প্ৰকল্পৰ সুবিধা- নিৰাপদ আৰু নিশ্চিত ৰিটাৰ্ণ, বিনিয়োগৰ সময় বৃদ্ধিৰো সুযোগ
৫০ শতাংশ ঋণৰ সুবিধা
জৰুৰী পৰিস্থিতিত যদি আপোনাৰ টকাৰ প্ৰয়োজন হয়, তেতিয়া চিন্তাৰ কোনো কাৰণ নাই৷ এই চৰকাৰী স্কিমে আপুনি এবছৰৰ পাছত আপোনাৰ জমাৰ ৫০শতাংশ পৰ্যন্ত ঋণ ল’ব পাৰে৷ ইয়াৰ অৰ্থ হৈছে ফাণ্ড তোলাৰ বাবে আপোনাৰ একাউণ্ট বন্ধ কৰাৰ প্ৰয়োজন নাই৷ এই কাৰণেই এই স্কিমটো বিনিয়োগকাৰীৰ মাজত খুবেই জনপ্ৰিয় হৈ উঠিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















