জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনি (SCSS) ডাকঘৰৰ উদ্যোগত আৰম্ভ কৰা এক আঁচনি। যাৰ অধীনত সময়মতে ইয়াত বিনিয়োগ কৰিব পাৰিব। এই ধনেই ভৱিষ্যতে আপোনাৰ সহযোগী হৈ পৰিব। আপুনি কেনেকৈ বিনিয়োগ কৰিব আৰু কিমান দিনৰ পিছত ইয়াৰ সুবিধা লাভ কৰিব? জানি থওক সবিশেষ৷
জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনি কি?
এইখন চৰকাৰী আঁচনি, যিখন ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ অধীনত পৰিচালিত হয়। জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনি জ্যেষ্ঠ নাগৰিকৰ বাবে চলোৱা এক আঁচনি। ইয়াৰ অধীনত অৱসৰ গ্ৰহণ কৰা নাগৰিকক বিশেষ সুবিধা প্ৰদান কৰা হয়৷ ইয়াৰ জৰিয়তে অৱসৰৰ পিছতো নিয়মীয়াকৈ ধন লাভ কৰিব পাৰিব আপুনিও। এই আঁচনিৰ নিশ্চয়তা প্ৰদান কৰে ভাৰত চৰকাৰে। ইয়াৰ সুবিধাসমূহ হৈছে ভাৰতৰ প্ৰমাণিত বেংক আৰু ডাকঘৰৰ জৰিয়তে ধনৰ লেনদেন কৰিব পাৰিব আপুনি৷ জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনিত ২০২৩-২৪ বিত্তীয় বৰ্ষৰ তৃতীয় ত্ৰৈমাসিক সুতৰ হাৰ ৮.২%।
চৰ্ত কি কি?
এছ চি এছ এছৰ সুবিধা লাভ কৰিবলৈ কেইটামান চৰ্ত আৰোপ কৰা হৈছে। ইয়াত প্ৰথম চৰ্ত হ’ল নাগৰিকৰ বয়স ৬০ বছৰৰ ওপৰত হ’ব লাগিব, ইয়াৰোপৰি যিসকল লোকে স্বেচ্ছামূলক অৱসৰ VRS) লৈছে, কৰ্তব্যৰত অৱস্থাত মৃত্যু হোৱা ৰাজ্য/কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীৰ পত্নীয়ে SCSS সুবিধা লাভ কৰিব পাৰিব।
প্ৰতিমাহে কিমান টকা পাব
এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে এই আঁচনিখনত বিনিয়োগ কৰি কিমান টকা উভতাই পোৱা যায়। ধৰি লওক আপুনি ইয়াত জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনিৰ অধীনত ৩০ লাখ টকা জমা কৰিছে, তেতিয়া প্ৰতি বছৰে প্ৰায় ২ লাখ ৪৬ হাজাৰ টকাৰ সুত পোৱা যায়। যদি আমি মাহেকীয়াকৈ চাওঁ তেন্তে এই ধনৰাশি হ’ব ২০,৫০০ টকা।
একাউণ্ট খুলিবলৈ আপুনি এখন ফৰ্ম ফিলাপ কৰিব লাগিব, যিটো কেৱাইচিৰ নথি-পত্ৰৰ কপিৰ সৈতে জমা দিয়া হ’ব। দাখিল কৰিবলগীয়া নথি-পত্ৰসমূহৰ ভিতৰত আছে পৰিচয় পত্ৰ, ঠিকনা প্ৰমাণ আৰু বয়সৰ প্ৰমাণ পত্ৰৰ লগতে ২খন পাছপ’ৰ্ট আকাৰৰ ফটো। এই একাউণ্ট ওচৰৰ যিকোনো ডাকঘৰৰ শাখাত গৈ খুলিব পাৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ