পুজাৰ সময় হওক বা বিবাহ, যিকোনো শুভ কামত উৰুলি দিয়াটো হিন্দু ধৰ্মৰ ৰীতি৷ সকলো মাংগলিক কামতেই উৰুলি দিয়াটো অপৰিহাৰ্য বিষয়৷ শাস্ত্ৰমতেও উৰুলিৰ মাহাত্ম্য প্ৰৱল৷ উৰুলি দিলে দেৱতাগণ সন্তুষ্ট হৈ আশীৰ্বাদ দিয়ে বুলি লোকবিশ্বাস৷ বহুতেই কয়, উৰুলি দিলে আমাৰ চৌপাশৰ পৰিবেশ পবিত্ৰ হৈ উঠে৷ ইয়াৰ ফলত ঘৰৰ পৰা সমস্ত অশুভ শক্তি দূৰ হৈ যায়৷ আনকি অশুভ শক্তিক নাশ কৰি শুভ শক্তিক ঘৰত প্ৰৱেশ কৰাত সহায় কৰে বুলি বিশ্বাস৷ আকৌ বহুতৰে মতে উৰুলিৰ কম্পনে পৰিবেশ জীৱাণুমুক্ত কৰে৷
কিন্তু উৰুলিল প্ৰধান উপকাৰীতা কি কি? পুৰুষে কিয় উৰুলি নিদিয়ে সেই বিষয়ে আমি বহুতেই অজ্ঞাত৷ উৰুলি শাস্ত্ৰমতে এক ধৰণৰ স্ত্ৰী আচাৰ৷ মহিলাই যুগে যুগে এই আচাৰ পালন কৰি আহিছে৷ মহিলাই একলগ হৈ উৰুলি দিয়ে দেৱতাসকলৰ সন্তুষ্ট হয় বুলি কথিত আছে৷ উৰুলিৰ ফলত কন্যাৰ পেট সংকুচিত হয়৷ আৰু বিভিন্ন স্ত্ৰীৰোগ নিৰ্মূল হয় বুলিও বিশ্বাস৷
কুমাৰিকা তন্ত্ৰৰ অষ্টম অধ্যায়ত স্পষ্টভাৱে বৰ্ণিত আছে যে উৰুলি কেৱল মহিলাই দিব লাগে৷ লৰাই উৰুলি দিয়ে নিৰ্বংশ হয়৷ কথিত যে এবাৰ দেৱতাসকলৰ এলেকাত যোগিনী, পিশাচিনীসকলে উৰুলি দি তাণ্ডৱ নৃত্য কৰি যুদ্ধ লগাইছিল৷ সেই বিজয়গাথাক স্মৰণ কৰিও বহুতে আজিও উৰুলি দিয়ে৷ যিহেতু এই দেৱী উপাচাৰ সেয়ে ইয়াৰ ওপৰত নাৰীৰ অধিকাৰেই স্বতঃসিদ্ধ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ