নিজৰ টকা দ্বিগুণ কৰিবলৈ কাৰনো ভাল নালাগে? আৰু সেই দ্বিগুণ যদি যদি কোনো ভাল প্ৰতিষ্ঠানৰ পৰা কৰিব পাৰি তেন্তে কথাই নাই৷ আপোনাৰ টকা দ্বিগুণ কৰাৰ আটাইতকৈ বিশ্বাসী যদি মাধ্যম আছে সেয়া হৈছে পোষ্ট অফিচ৷ বহুতেই হয়তো নাজানে যে পোষ্ট অফিচৰ কোন স্কিমত এই সুবিধা উপলব্ধ৷
পোষ্ট অফিচে এইবাৰ আৰম্ভ কৰিছে টাইম ডিপোজিট স্কিম৷ তাতেই আপুনি এবছৰৰ পৰা আৰম্ভ কৰি পাঁচ বছৰ পৰ্যন্ত ধন বিনিয়োগ কৰিব পাৰে৷ তাতেই আপোনাৰ টকা বিনিয়োগ কৰিলে আপোনাৰ টকা দ্বিগুণ কৰাৰ সুযোগ আছে৷ যদি আপুনি পোষ্ট অফিচত নিজৰ ধন ৰাখে তেন্তে আপুনি ৭.৫% হাৰত সুদ লাভ কৰিব৷ যদি ৫ বছৰৰ বাবে ধন ৰাখে তেন্তে আপুনি যি টকা সুদ পাব সেই টকা আৰু নিজৰ প্ৰকৃত টকা একেলগেই লাভ কৰিব৷ পোষ্ট অফিচ হৈছে এনে এক স্থান যাক আপুনি বিশ্বাস কৰিব পাৰে৷ ইয়াৰোপৰি লাভো আপুনি পাব পাৰে৷ ধন নিৰাপদে ৰখাৰ এয়াই ভাল স্থান৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ