বুধবাৰে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত এজন ব্যৱসায়ীৰ পৰা পিষ্টল দেখুওৱাই ৬ লাখ টকা লুটি নিলে তিনিজনীয়া ডকাইতৰ এটা দলে৷ মুখত কাপোৰ মেৰিয়াই অহা তিনিজনীয়া ডকাইতৰ দলটোৱে দিনৰ পোহৰত এজন ব্যৱসায়ীৰ পৰা ৬ লাখ টকা লুটি নিয়ে।
প্ৰয়াগৰাজৰ কৰ্ণেলগঞ্জ অঞ্চলত সংঘটিত সমগ্ৰ ঘটনাটো চিচিটিভিৰ কেমেৰাত বন্দী হৈ ৰৈছে৷ ডকাইতিৰ ২৫ ছেকেণ্ডৰ চিচিটিভি ফুটেজত দেখা গৈছে যে তিনিওজন লোকে মুখ ঢাকি ব্যৱসায়ীজনৰ কাৰ্যালয়লৈ সোমাই যায়৷
ইয়াৰে এজন ডকাইতৰ হাতত এটা পিষ্টল আছিল আৰু তেওঁ ব্যৱসায়ীজনৰ পিষ্টল টুৱাই ভাবুকি প্ৰদান কৰা দেখা গৈছে৷ আৰু সেই সময়তে এজনে টেবুলৰ ড্ৰয়াৰবোৰৰ পৰা এটা মোনাত ধন ভৰাই থকা দেখা গৈছে৷
#Prayagraj: Masked miscreants looted Rs 6 lakh in film style, incident captured on CCTV#BREAKING pic.twitter.com/mWNwxqiwsA
— ZAHID GRAPHY (Follow Back) (@ZAHIDGRAPHY90) August 18, 2022
লগতে পঢ়ক চলি আছিল এখন ভুৱা থানা, চকীদাৰৰ পৰা আৰক্ষী বিষয়ালৈকে আছিল ভুৱা
এনডিটিভিত প্ৰকাশিত বাতৰি মতে ভুক্তভোগী ব্যৱসায়ীজন এজন ৰ’দৰ ব্যৱসায়ী৷ ইফালে ঘটনা সন্দৰ্ভত প্ৰয়াগৰাজ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷
‘‘কৰ্ণেলগঞ্জ থানাৰ অন্তৰ্গত এলেকাত ঘটনাটো সংঘটিত হোৱাৰ খবৰ লাভ জ্যেষ্ঠ বিষয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে সেই স্থানত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। কৰ্ণেলগঞ্জ থানাত এফ আই আৰ ৰুজু কৰা হৈছে। গোচৰটোৰ ক্ষিপ্ৰ গতিৰ তদন্তৰ বাবে আৰক্ষীৰ বিশেষ তদন্তকাৰী দল গঠন কৰা হৈছে।’’ প্ৰয়াগৰাজ আৰক্ষীয়ে এক বিবৃতিত এইদৰে প্ৰকাশ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ