কেন্দ্ৰীয় লোকসেৱা আয়োগৰ ২০২৪ৰ চূড়ান্ত ফলাফল ঘোষণা৷ প্ৰয়াগৰাজৰ বাসিন্দা শক্তি ডুবেই সৰ্বভাৰতীয় শাখাত শীৰ্ষস্থান দখল কৰিছে। দ্বিতীয় স্থানত আছে হৰ্ষিতা গোৱেল। তৃতীয় স্থান লাভ কৰিছে ডংগ্ৰে আৰ্চিট পৰাগ। প্ৰতি বছৰে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা লাখ লাখ পৰীক্ষাৰ্থীয়ে UPS ৰ এই সন্মানীয় পৰীক্ষাত অংশগ্ৰহণ কৰি আহিছে। মূল পৰীক্ষাত যোগ্যতা অৰ্জন কৰা প্ৰায় ২৮৪৫ গৰাকী পৰীক্ষাৰ্থীক সাক্ষাৎকাৰৰ বাবে মতা হৈছিল৷ ২৮৪৫ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত শীৰ্ষস্থান দখল কৰিছে শক্তিয়ে৷
চমুকৈ শক্তি ডুবেইৰ পৰিচয়
এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত শক্তি ডুবেই বেনাৰছ হিন্দু বিশ্ববিদ্যালয়ৰ পৰা জৈৱিক ৰসায়ন বিজ্ঞানত এম এছ চি কৰিছিল। ২০১৮ চনত স্নাতকোত্তৰ শিক্ষা সমাপ্ত কৰাৰ পিছত শক্তি ডুবে অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে। সাত বছৰীয়া এই পৰিশ্ৰমৰ ফলতেই আজি তেওঁ লোকসেৱা আয়োগৰ পৰীক্ষাত প্ৰথম স্থান দশল কৰিবলৈ সক্ষম হৈছে৷
ঐচ্ছিক বিষয় ৰাজনীতি বিজ্ঞান আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক
শক্তি ডুবেই ৰাজনীতি বিজ্ঞান আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কক ঐচ্ছিক বিষয় হিচাপে লৈ উত্তীৰ্ণ হৈছে ৷ এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা জৈৱিক ৰসায়ন বিজ্ঞানত BSC সম্পূৰ্ণ কৰিছিল শক্তিয়ে৷
‘মই কেতিয়াও টপাৰ হোৱাৰ কথা ভবা নাছিলো’
শক্তি ডুবেই কয় যে, ২০১৮ চনৰ পৰাই তেওঁ নিজৰ লক্ষ্যত উপনীত হ’বলৈ অহৰহ চেষ্টা কৰি আছে। সাত বছৰ ধৰি কঠোৰ পৰিশ্ৰমৰ অন্তত পৰীক্ষাত উত্তীৰ্ণ হোৱাত আত্মবিশ্বাসী আছিল যদিও শীৰ্ষ স্থান লাভ কৰিব বুলি কেতিয়াও কল্পনা কৰা নাছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















