সোমবাৰে ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণে ১৯ সংখ্যক দিনত ভৰি দিলে৷ এই যুদ্ধৰ বীৎসতাৰ মাজতে এক হৃদয় বিদাৰক দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈছিল৷
যোৱা সপ্তাহত ইউক্ৰেইনৰ যুদ্ধ বিধ্বস্ত মাৰিয়’পুলত ৰাছিয়ান সেনাৰ আক্ৰমণত এগৰাকী আহত গৰ্ভৱতী মহিলা আহত হৈছিল৷ যুদ্ধ বিধ্বস্ত এলেকাৰ পৰা উদ্ধাৰকাৰী দলে মহিলাগৰাকীক উদ্ধাৰ কৰাৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈছিল৷ ভিডিঅ’টোত আহত মহিলাগৰাকীয়ে ‘মোক এতিয়াই মাৰি পেলাওক’ বুলি চিৎকাৰ কৰি থকা দেখা গৈছিল৷
লগতে পঢ়ক গৰ্ভৱতী পত্নীক গুলীয়াই হত্যা অসম আৰক্ষী জোৱানৰ; কিয় কৰিলে হত্যা?
উদ্ধাৰকাৰী দলটোৱে আহত গৰ্ভৱতী মহিলাগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰাইছিল৷ যোৱা প্ৰায় এসপ্তাহে চিকিৎসালয়ত চিকিৎসা কৰাৰ পিছতো উক্ত মহিলাগৰাকীৰ কৰুণ মৃত্যু ঘটিছে৷ সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি আহত মহিলাগৰাকীৰ গৰ্ভৱস্থ সন্তানটিও মৃত্যু ঘটিছে৷
আহত মহিলাগৰাকীক চিকিৎসা কৰি থকা টিমূৰ মাৰিন নামৰ শল্য চিকিৎসকগৰাকীয়ে মহিলাগৰাকীসহ গৰ্ভস্থ সন্তানটো মৃত্যু হোৱা বুলি ঘোষণা কৰিছে৷
লগতে পঢ়ক কেন্সাৰ আৰু মানসিক বিকাৰগ্ৰস্ততাত আক্ৰান্ত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন!
ইফালে চিকিৎসকগৰাকীয়ে প্ৰকাশ কৰা মতে তেওঁলোকে আহত মহিলাগৰাকীৰ আৰু তেওঁৰ স্বামী আৰু পিতৃৰ পৰিচয়ও উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ