অসম আৰক্ষীৰ এজন জোৱানে নিজ গৰ্ভৱতী পত্নীক গুলীয়াই হত্যা কৰিছে৷ যোৱা নিশা ডিব্ৰুগড় চহৰত সংঘটিত এই হত্যাকাণ্ডই সমগ্ৰ জিলাজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
ঘটনাৰ বিৱৰণীৰ মতে যোৱা নিশা প্ৰায় ১.৩০ বজাত অসম আৰক্ষীৰ বিকি চেতিয়া নামৰ অসম আৰক্ষী কনিষ্টবলগৰাকীয়ে চাৰ্ভিছ পিষ্টলেৰে ডিব্ৰুগড় সদৰ থানাৰ চৌহদৰ নিজ কোৱাটাৰতে গৰ্ভৱতী পত্নীক হত্যা কৰে৷
আৰক্ষী জোৱানগৰাকীয়ে পাৰিবাৰিক বিবাদৰ বাবেই এই হত্যাকাণ্ড সংঘটিত কৰা বুলি ডিব্ৰুগড় আৰক্ষীয়ে প্ৰকাশ কৰিছে৷
লগতে পঢ়ক নতুন শিক্ষা নীতি মঞ্জুৰ কেন্দ্ৰীয় কেবিনেটৰ, নৱম মানৰ পৰাই আৰম্ভ হ’ব ছেমিষ্টাৰ পদ্ধতি
ইতিমধ্যে অভিযুক্ত বিকি চেতিয়াক ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ বিকি চেতিয়াই আৰক্ষীৰ আগত নিজ গৰ্ভৱতী পত্নীক হত্যা কৰাৰ কথা স্বীকাৰ কৰা বুলিও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে৷
আৰক্ষীয়ে হত্যাকাণ্ডত ব্যৱহাৰ কৰা চাৰ্ভিছ পিষ্টলটো উদ্ধাৰ কৰিছে৷ ঘটনাৰ সময়তে বিকি চেতিয়াই সুৰাপান কৰি থকা বুলি জানিব পৰা গৈছে৷
“তেওঁ অপৰাধ স্বীকাৰ কৰিছে। পাৰিবাৰিক বিবাদৰ বাবে তেওঁ তেওঁৰ পত্নীক হত্যা কৰে। আমি তেওঁক গ্ৰেপ্তাৰ কৰিছো আৰু অপৰাধটোৰ মূল কাৰণ সম্পৰ্কে নিশ্চিত কৰিবলৈ জেৰা চলাই আছো।” ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) বিতুল চেতিয়াই এই হত্যাকাণ্ড সন্দৰ্ভত এইদৰে কয়৷
লগতে পঢ়ক ‘ৰাছিয়ান সেনাৰ বধৰ যজ্ঞ’ বিশ্বৰ ঘাতক স্নাইপাৰ ৱালীৰ : ৱালীৰ বিষয়ে জানক ১০ টা নজনা কথা
উল্লেখ্য যে চাৰি বছৰ পূৰ্বে বিকি চেতিয়াই বিবাহ পাশত আৱদ্ধ হৈছিল আৰু তেওঁৰ পত্নী চাৰি মাহৰ গৰ্ভৱতী আছিল।
কনিষ্টবলজন বিদেশী ন্যায়াধিকৰণৰ এজন সদস্যৰ নিৰাপত্তাৰক্ষী হিচাপে নিযুক্ত আছিল বুলি আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ