আকৌ উত্তৰ প্ৰদেশত সংঘটিত এক চাঞ্চল্যকৰ তথা জঘন্য ঘটনা পোহৰলৈ আহিছে৷ বুধবাৰে আৰক্ষীয়ে প্ৰকাশ কৰা মতে তিনিজন লোকে এগৰাকী গৰ্ভৱতী মহিলাক ধৰ্ষণ কৰাৰ পাছতে মহিলাগৰাকীৰ গৰ্ভপাত হৈছে৷
স্বামীয়ে আৰক্ষী থানাত অভিযোগ দিয়া অনুসৰি বিশৰতগঞ্জ থানাৰ সমীপতে থকা এখন ফাৰ্মত কাম কৰি থকাৰ সময়তে তিনিজন লোকে লোকজনৰ গৰ্ভৱতী পত্নীক ধৰ্ষণ কৰে৷ ইয়াৰ ফলতে তিনিমাহৰ গৰ্ভৱতী মহিলাগৰাকীৰ গৰ্ভপাত হয় বুলিও আৰক্ষীয়ে প্ৰকাশ কৰিছে৷
লগতে পঢ়ক দিল্লীত মুখ্যমন্ত্ৰীক সাক্ষাৎ বিধায়ক অখিল গগৈৰ, কি কি কথা পাতিলে দুই চিৰবৈৰী নেতাই?
ইফালে ঘটনাৰ পিছতে ভুক্তভোগী মহিলাগৰাকীক সংকটজনক অৱস্থাত স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে৷
ঘটনাটো যোৱা ১৩ ছেপ্টেম্বৰ সংঘটিত হয়৷ ইয়াৰ পাছতে যোৱা ১৬ ছেপ্টেম্বৰ ভুক্তভোগী মহিলাগৰাকীৰ স্বামীয়ে আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷ আৰক্ষীয়ে গোচৰ ৰুজু কৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ