অসম লাইভ ২৪ঃ ডিচেম্বৰৰ পৰা মিঠাতেলৰ দাম হ্ৰাস পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ মূল্যবৃদ্ধিৰ পৰিত্ৰাণৰ উপায় বিচাৰি মন্ত্ৰীৰ বৈঠক। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিক লৈ কামৰূপ মহানগৰ উপায়ুক্তৰ কাৰ্যলয়ত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মন্ত্ৰী ৰঞ্জিত দাসে। বৈঠকত অংশগ্ৰহণ কামৰূপ চেম্বাৰছ অফ কমাৰ্চ, পামহি শাক পাচলি পাইকাৰী ব্যৱসায় সন্থা, ফিছফেদ অসম, আলু, পিয়াঁজ পাইকাৰী ব্যৱসায় সন্থা, কণী ব্যৱসায় সন্থা। ভাৰতৰ অন্যান্য ৰাজ্যৰ তুলনাত অসমত বহুত বেছি পাৰ্থক্য নাই অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম৷ মচুৰ দাইল বা মগু দাইল, আলুৰ দাম সমগ্ৰ ভাৰততে প্ৰায় একেই আছে৷ আলু বৰ্তমান ২০ টকা দামত খুচুৰা বিক্ৰী কৰি থকা হৈছে। বগা পিয়াঁজ ২০-২৮ টকা মূল্যত বিক্ৰী কৰি আছে পাইকাৰী বজাৰত আৰু ৰঙা পিয়াজ ৪০ টকা দামত বিক্ৰী কৰি আছে। কিন্তু দুৰ্ভাগ্যজনক ভাৱে খুচুৰা ব্যৱসায়ীয়ে অধিক দৰত বিক্ৰী কৰিছে অত্যাৱশ্যকীয় সামগ্ৰী। ৪০ ৰ পৰা ৭৫ লৈ বৃদ্ধি কৰিছে ৰঙা পিয়াঁজৰ মূল্য৷ ইয়াৰ বিপৰীতে বগা পিয়াঁজৰ মূল্য ৪০ টকালৈ বৃদ্ধি কৰিছে৷ আজিৰ বৈঠকত এনফৰ্চমেন্ট টিম গঠন কৰিবলৈ নিৰ্দেশ দিয়ে মন্ত্ৰী ৰঞ্জিত দাসে৷ পাইকাৰী মূল্যতকৈ খুচুৰা ব্যৱসায়ীয়ে সৰ্বাধিক৫ – ৬ টকালৈহে মূল্য বেছি ল’ব পাৰিব। ইয়াৰ অধিক হ’লে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব সংশ্লিষ্ট বিভাগে৷ বৈঠকযোগে অনাগত দিনত জনতাক সকাহ পোৱাৰ আশ্বাস দিয়ে মন্ত্ৰী ৰঞ্জিত দাসে। দুই এদিনৰ ভিতৰতে টাক্স ফ’ৰ্চ গঠন হ’ব বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। এই টাক্স ফ’ৰ্চৰ দলে গৈ বিভিন্ন স্থানত অভিযান চলাব। বিভিন্ন বজাৰত পাচলিৰ দামৰ ফলক ওলমোৱা হ’ব আৰু এপ মুকলি কৰিব বিভাগে৷ মেজিষ্ট্ৰেট, অসম আৰক্ষী , GMC থাকিব টাক্স ফ’ৰ্চত৷ মধ্যভোগীয়ে দাম নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থাটো আগুন্তুক দিনত গুৰুত্ব দিব চৰকাৰে৷ সৰিয়হৰ খেতি অসমত বেছি কৰিলে হ্ৰাস পাব মিঠাতেলৰ দাম।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ