ৰাম নগৰীত শোকৰ বন্যা, ৰাম মন্দিৰৰ মুখ্য পুৰোহিত সত্যেন্দ্ৰ দাসৰ দেহাৱসান
আযোধ্যাৰ ৰাম নগৰীত শোকৰ বন্যা। অযোধ্যাৰ শ্ৰী ৰাম জন্মভূমি মন্দিৰৰ প্ৰধান পুৰোহিত আচাৰ্য সত্যেন্দ্ৰ দাসৰ আজি ১২ ফেব্ৰুৱাৰী তাৰিখ বুধাবৰে লক্ষ্ণৌৰ SGPGI ত দেহাৱসান ঘটে। বুধবাৰে মাঘ পূৰ্ণিমাৰ পবিত্ৰ দিনটোত পুৱা প্ৰায় ৭ বজাত লক্ষ্ণৌৰ হাস্পতালত শ্ৰী ৰাম জন্মভূমি মন্দিৰৰ প্ৰধান পুৰোহিত সত্যেন্দ্ৰ দাস মহাৰাজে শেষ নিশ্বাস ত্যাগ কৰে।
এই কথা নিশ্চিত কৰিছে চিকিৎসালয়খনে। বিগত ৩ ফেব্ৰুৱাৰী তাৰিখে এছজিপিজিআইত ভৰ্তি কৰোৱা হৈছিল আৰু ষ্ট্ৰোকত আক্ৰান্ত হৈ নিউৰ’লজী ৱাৰ্ড এইচডিইউত আছিল পুৰোহিত গৰাকী।
পি জি আইৰ সঞ্চালক ডাঃ আৰ কে ধীমানে জনোৱা মতে, চিকিৎসকৰ তত্বাৱধানত তেওঁৰ চিকিৎসা অবিৰতভাৱে চলি আছিল। ব্ৰেইন ষ্ট্ৰোকৰ বাহিৰেও সত্যেন্দ্ৰ দাসৰ আন বহুতো ৰোগ আছিল। বহু কষ্ট কৰিও তেওঁৰ প্ৰাণ ৰক্ষা কৰিব পৰা নগ’ল। চিকিৎসালয়ত ভৰ্তি হোৱাৰ সময়ত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও কিছুদিন পূৰ্বে তেওঁৰ ওচৰলৈ গৈ তেওঁৰ সুস্থতাৰ বিষয়ে সোধা-পোছা কৰিছিল।
ৰাম মন্দিৰ ট্ৰাষ্টে সত্যেন্দ্ৰ দাসৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। ৰামনগৰীৰ মঠ মন্দিৰতো শোকৰ ঢৌ। ১৯৯৩ চনৰ পৰা শ্ৰী ৰামলালাক পূজা কৰি আহিছিল সত্যেন্দ্ৰ দাসে। শেহতীয়াকৈ তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক পিজিআইত ভৰ্তি কৰা হৈছিল। ৰাম মন্দিৰ ট্ৰাষ্টে নিশ্চিত কৰিছে আচাৰ্য সত্যেন্দ্ৰ দাসৰ মৃত্যু।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















