অসম লাইভ ২৪ঃ তিক্ততাপূর্ণ বিধানসভা নির্বাচনৰ পাছত প্রথমবাৰলৈ সাক্ষাৎ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনার্জীৰ। যশ চাইক্ল’নৰ ফলত পশ্চিমবংগত হোৱা ক্ষয়-ক্ষতিৰ বুজ ল’বলৈ প্ৰধানমন্ত্ৰী মোদী আহিছিল পশ্চিমবংগলৈ। মুখ্যমন্ত্ৰী মমতাৰ সৈতে এক পর্যালোচনা বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু কলাইকুণ্ড বিমান ঘাটিত অবতৰণ কৰা প্ৰধানমন্ত্ৰীক তাতেই সাক্ষাৎ কৰি মূল বৈঠকখন এৰাই চলে মমতা বেনার্জীয়ে।
বিমানকোঠতে প্রধানমন্ত্ৰীৰ হাতত মুখ্যমন্ত্ৰী মমতা আৰু পশ্চিমবংগৰ মুখ্য সচিবে ক্ষয়-ক্ষতি সন্দর্ভত এক প্ৰতিবেদন দাখিল কৰে আৰু সেই স্থানৰ পৰা দীঘা অভিমুখে ৰাওনা হয়। লক্ষ্যণীয়ভাৱে যশৰ পৰা হোৱা ক্ষয়-ক্ষতিৰ বুজ ল’বলৈ প্ৰধানমন্ত্ৰীয়ে আয়োজন কৰা সেই বৈঠকলৈ আমন্ত্ৰিত হৈছিল পশ্চিমবংগৰ বিজেপি নেতা তথা বিৰোধী দলপতি শুভেন্দু অধিকাৰী। উপস্থিত আছিল ৰাজ্যপাল জগদীপ ধানখৰো। মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ বৈঠকক আওকাণ কৰাটোক অবাঞ্ছিত আখ্যা দিছে ৰাজ্যপাল ধানখৰে। উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদী আৰু মমতা বেনার্জীয়ে পৃথকে পৃথকে আকাশ মার্গেৰে পশ্চিমবংগত চাইক্ল’নৰ ক্ষয়-ক্ষতিৰ বুজ লয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ