অসম লাইভ ২৪ঃ নাগৰিকত্ব সংশোধনী আইন বলবৎ হোৱাৰ পূৰ্বেই নাগৰিকত্ব প্ৰদানক লৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এক বৃহৎ সিদ্ধান্ত। ৫ ৰাজ্যত বসবাস কৰা ৬ ধৰ্মৰ শৰণাৰ্থীক নাগৰিকত্ব প্ৰদানৰ বাবে তৎপৰ হৈছে কেন্দ্ৰ। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এই সন্দৰ্ভত জাৰি কৰিছে এক জাননী। নাগৰিকত্ব আইন-১৯৫৫ আৰু ২০০৯ চনৰ নীতিৰ অধীনত প্ৰস্তুত কৰা নিয়ম অনুসৰি কেন্দ্ৰই ৫ ৰাজ্যৰ ১৩খন জিলাত বসবাস কৰা আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশৰ ধৰ্মীয় সংখ্যালঘুক নাগৰিকত্ব প্ৰদান কৰিব ভাৰতে। জাননীৰ জৰিয়তে হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টানসকলক ভাৰতীয় নাগৰিক হিচাপে আৱেদন কৰিবলৈ নিৰ্দেশ দিছে কেন্দ্ৰই। উল্লেখ্য, ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ নিৰ্যাতিত আৰু ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ আগলৈকে ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা এই ৬ ধৰ্মৰ লোকক নাগৰিকত্ব প্ৰদান কৰিব ভাৰতে। পাঁচ ৰাজ্য ক্ৰমে পঞ্জাৱ, হাৰিয়ানা, ছত্তীশগড়, গুজৰাট আৰু ৰাজস্থানত বাস কৰা ইছলাম ধৰ্মৰ বাবে ৬ ধৰ্মৰ শৰণাৰ্থীয়ে আৱেদন কৰিব পাৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ