বৃহস্পতিবাৰে ১৫ আগষ্টত ৭৮তম স্বাধীনতা দিৱস৷ দিল্লীৰ লালকিল্লাৰ পৰা স্বাধীনতা দিৱসৰ ভাষণ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ ২০২৪ চনৰ লোকসভা নিৰ্বাচনত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ পাছত এয়া প্ৰথমটো স্বাধীনতা দিৱসৰ ভাষণ প্ৰধানমন্ত্ৰী মোদীৰ৷ দিল্লীৰ লালকিল্লাত জাতীয় পতাকা উত্তোলনৰ পাছতেই দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে নৰেন্দ্ৰ মোদীয়ে৷
লালকিল্লাত আয়োজিত এই অনুষ্ঠানত যোগ দিছে সমগ্ৰ দেশৰ যুৱ, আদিবাসী সম্প্ৰদায়, কৃষক আৰু মহিলাসকলে৷ এইবাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত আমন্ত্ৰণ জনোৱা হৈছে প্ৰায় ৬ হাজাৰ অতিথিক৷ স্বাধীনতা সংগ্ৰামীসকলৰ প্ৰতি শ্ৰদ্ধা জনাই বক্তব্যৰ আৰম্ভণি কৰে প্ৰধানমন্ত্ৰী মোদীয়ে৷
প্ৰাকৃতিক দুৰ্যোগত প্ৰাণ হেৰুওৱা নাগৰিকৰ প্ৰতি শোকপ্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে৷ প্ৰধানমন্ত্ৰীয়ে কয়, ‘স্বাধীনতা লাভৰ পূৰ্বে দেশবাসীয়ে শতবৰ্ষৰ দাসত্বৰ বিৰুদ্ধে যুঁজ চলাইছে৷ ১৮৫৭ চনৰ পূৰ্বেও আদিবাসীসকলে স্বাধীনতাৰ বাবে যুঁজ কৰিছে৷ দাসত্ব, অত্যাচাৰী শাসক, যন্ত্ৰণাৰ পাছতো প্ৰায় ৪০ কোটি দেশবাসীয়ে স্বাধীনতাৰ বাবে যুদ্ধ কৰিছিল৷ আমি গৰ্বিত যে, আমাৰ শৰীৰত তেওঁলোকৰ তেজ আছে৷ যদি সেইদিনা ৪০ কোটি দেশবাসীয়ে দাসত্বৰ শৃংখলা ভাঙি স্বাধীনতা অৰ্জন কৰিব পাৰে তেন্তে ১৪০ কোটি মানুহে কি কৰিব পাৰে সেয়া মুখেৰে কৈ বুজোৱাৰ প্ৰয়োজন নাই৷ দেশবাসীয়ে যদি একেলগে আগুৱাই যায়, যিমানেই প্ৰতিবন্ধকতা নাহক কিয়, যিমানেই অভাৱ নাথাকক কিয় আমি আমাৰ লক্ষ্যত উপনীত হমেই৷ বিকশিত ভাৰতৰ লক্ষ্য আমি অৰ্জন কৰিব পাৰিমেই৷ এখন সমৃদ্ধ ভাৰত আমিয়েই গঢ়িব পাৰিম৷ বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতিৰ দেশ হোৱাৰ ক্ষমতা আছে আমাৰ হাততেই৷’ প্ৰধানমন্ত্ৰীয়ে লগতে কয়, ‘বিশ্বত ভাৰতৰ মৰ্যাদা বাঢ়িছে৷ আমি কেৱল ৰাজনীতিৰ বাবেই সংস্কাৰ কৰা নাই৷ আমাৰ ওচৰত জাতীয় স্বাৰ্থই সৰ্বোচ্চ৷ আমাৰ ভাৰত যাতে মহান তেনেকৈয়ে সংকল্প গ্ৰহণ কৰি আমি পদক্ষেপ লৈ আহিছো৷ কৰোনাত সকলোতকৈ দ্ৰুত টিকাকৰণ ভাৰতত হৈছে৷ পূৰ্বে শত্ৰুসকলে আহি সেনাক মাৰি গুচি যাঊ পাৰিছিল৷ এতিয়া সেনাই ছাৰ্জিকেল ষ্ট্ৰাইক কৰে, এয়াৰ ষ্ট্ৰাইক কৰে৷ ভাৰতীয়সকলে এতিয়া এইবোৰক লৈ গৰ্ববোধো কৰে৷ ইয়াৰোপৰি জলজীৱন মিছনো আগবাঢ়িছে দেশত৷’
প্রধানমন্ত্ৰীয়ে লগতে কয়, ‘মানুহৰ আয় দ্বিগুণ হৈছে৷ ৰপ্তানি বাঢ়িছে৷ বিদেশী মুদ্ৰা ভাণ্ডাৰ বাঢ়িছে৷ বিকশিত ভাৰত মিছনৰ অন্যতম লক্ষ্য মানুহৰ জীৱনত চৰকাৰৰ দখলদাৰী কমাই অনা৷ মানুহৰ জীৱনযাত্ৰা সহজ কৰিবলৈ একাধিক পদক্ষেপ লোৱা হৈছে৷ দেশবাসীৰ বাবে ১৫০০টাতকৈয়ো বেছি আইন বাতিল কৰা হৈছে যাতে মানুহে সমস্যাত নপৰে৷ আনকি বহুকেইখন আইনো বাতিল কৰিছো যিয়ে সৰু সৰু কেছত জে’ল যাব লগা পৰিস্থিতিৰ সৃষ্টি কৰিছিল৷ ফৌজদাৰী আইনো পৰিবৰ্তন কৰা হৈছে৷ প্ৰতি দলৰ প্ৰতিনিধিসকলৰ জীৱনযাত্ৰা সহজ মিছনৰ পদক্ষেপ লোৱাত সহায় কৰাৰ আহ্বান জনাইছে৷ প্ৰধানমন্ত্ৰীৰ ভাষণত লগতে শুনা গৈছে ‘সৱ কা সাথ সব বা বিকাশৰ শ্লোগান৷ সংহতিৰ বাৰ্তাও দিয়ে প্ৰধানমন্ত্ৰীয়ে৷ লগতে তেওঁ কয়, ‘জাতপাত, ধৰ্ম, বৰ্ণ সকলো বাদ দি সকলোৰে ঘৰে ঘৰে ত্ৰিৰংগা উৎসৱত পৰিণত হৈছে৷ প্ৰতি বছৰে ভাৰতৰ পৰা ছাত্ৰসকলে ডাক্তৰী পঢ়িবলৈ বাহিৰলৈ গৈ আছে৷ এতিয়া ১০ বছৰত আমি মেডিকেল কলেজৰ সংখ্যা বঢ়াই ১ লাখ কৰিছো৷ আগন্তুক ৫বছৰত মেডিকেল কলেজসমূহত ৭৫ হাজাৰ নতুন আসন তৈয়াৰ হ’ব৷ শিশুসকলৰ বাবে জাতীয় পুষ্টি মিছনো নতুনকৈ আৰম্ভ হ’ব৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ