অসম লাইভ২৪ঃ নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিনত দেশজুৰি পৰাক্ৰম দিৱস পালন কৰি আহিছে কেন্দ্ৰই। আন্দামান নিকোবৰৰ ২১ টা বৃহৎ দ্বীপ নতুনকৈ নামকৰণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷
পৰমবীৰ চক্ৰৰে সন্মানিত ২১ জন সেনাৰ নামেৰে নামকৰণ কৰা হৈছে এই ২১ টা দ্বীপ৷ আন্দামানৰ ৰস আইলেণ্ডৰ নাম পূৰ্বেই নেতাজীৰ নামেৰে নামকৰণ কৰা হৈছে৷ ভিডিঅ’ কনফাৰেঞ্চিঙৰ মাধ্যমেৰে নেতাজী সুভাষ চন্দ্ৰ বসু দ্বীপত নেশ্ব্যনেল মেমৰিয়েল মডেল উদ্বোধন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ এই উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰসংগত নৰেন্দ্ৰ মোদীয়ে কয় যে নেতাজীক পাহৰাই পেলোৱাৰ চেষ্টা কৰিছে একাংশই৷
ব্ৰিটিছৰ সৈতে যুদ্ধ কৰোতে আন্দামান নিকোবৰলৈকো গৈছিল সুভাষ চন্দ্ৰ বসুৰ আজাদ হিন্দ বাহিনী৷ প্ৰধানমন্ত্ৰীয়ে অনা অভিযোগ অনুসৰি এসময়ত নেতাজীক নস্যাত কৰাৰ চেষ্টা কৰা হৈছিল৷ প্ৰদানমন্ত্ৰীয়ে লগতে কয়, ‘আন্দামানতেই প্ৰথম ত্ৰিৰংগা পতাকা উদ্বোধন কৰা হৈছিল৷ ’ ২০২১ চনৰ পৰা নেতাজীৰ জন্মদিনটোক পৰাক্ৰম দিৱস হিচাপে পালন কৰিবলৈ আৰম্ভ কৰিছে কেন্দ্ৰই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ