অসম লাইভ ২৪ঃ অসম সন্তানলৈ দেশৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সৰ্বোচ্চ সন্মান ‘শান্তি স্বৰূপ ভাটনগৰ বঁটা-২০২১’৷ যোৰহাটস্থিত বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা পৰিষদ- উত্তৰ পূব বিজ্ঞান আৰু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (চিএছাইআৰ-নেইষ্ট)ৰ বিজ্ঞানী ড০ বিনয় কুমাৰ শইকীয়াই লাভ কৰে এই সন্মান৷ সুদীৰ্ঘ ২০ বছৰৰ পাছত অসমীয়া বিজ্ঞানীয়ে লাভ কৰিছে বিজ্ঞানৰ ক্ষেত্ৰত শ্ৰেষ্ঠতম ৰাষ্ট্ৰীয় সন্মান৷ কয়লাৰ পৰা নিৰাপদ সূক্ষ্ম পদাৰ্থ আৱিষ্কাৰৰ বাবে ড০ শইকীয়ালৈ পৃথিৱী, বায়ুমণ্ডল, মহাসাগৰ আৰু গ্ৰহ সম্পৰ্কীয় বিজ্ঞানৰ শিতানত এই বঁটা আগবঢ়োৱা হৈছে৷ এই বঁটাৰ অৰ্থমূল্য ৫ লাখ টকা৷ তদুপৰি বঁটাপ্ৰাপকে ৬৫ বছৰ বয়সলৈকে মাহিলী ১৫ হাজাৰকৈ টকা লাভ কৰে৷ এই বঁটাৰ বাবে মনোনীত হোৱা চিএছাইআৰ-নেইষ্টৰ পঞ্চমগৰাকী বিজ্ঞানী ড০ বিনয় কুমাৰ শইকীয়া৷ তেওঁ ৫ বছৰ ধৰি কয়লা সম্পৰ্কে গৱেষমা কৰি আছে৷ তেওঁৰ কেইবাখলো গৱেষণা পত্ৰ উন্নতমানৰ আন্তঃৰাষ্ট্ৰীয় জাৰ্ণেলত প্ৰকাশ পাইছে৷ ড০ বিনয় কুমাৰ শইকীয়াই লাভ কৰা এই সন্মানৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই৷ বিজ্ঞানী ড০ বিনয় কুমাৰ শইকীয়াই লাভ কৰা এই সন্মানৰ বাবে গৌৰাৱান্বিত সমগ্ৰ ৰাজ্যবাসী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ