২০২১ চনৰ জুন মাহত প্ৰথমা পত্নী মৃত্যু ঘটিছিল ৰাজস্থানৰ ৭৩ বছৰীয়া বৃদ্ধ ৰামধনৰ৷ প্ৰথমা পত্নীৰ মৃত্যুৰ পিছতে বৃদ্ধ ৰামধনৰ ৬২ বছৰীয়া বিধৱা সুমনৰ সৈতে প্ৰেম হয়৷
প্ৰেম আৰম্ভ হোৱাৰ লগে লগে ২০২১ চনৰ ডিচেম্বৰ মাহত বৃদ্ধ ৰামধনে ততাতৈয়াকৈ বিধৱা সুমনেৰে আৰ্য মন্দিৰত বিবাহপাশত আৱদ্ধ হয়৷ কিন্তু দ্বিতীয় পত্নী সুমনৰ গাৰ পৰা মাহ-হালধীৰ গোন্ধ নৌযাওতে তেওঁৰ আচল ৰূপ দেখুওৱাবলৈ আৰম্ভ কৰে৷
মৃদ্ধ ৰামধনে প্ৰকাশ কৰা মতে বিয়াৰ মাত্ৰ পাঁচটা দিন অতিক্ৰম কৰাৰ লগে লগে তেওঁৰ দ্বিতীয়া পত্নী সুমনে তেওঁক মানসিক হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰে৷ ৰামধনে প্ৰকাশ কৰা মেত তেওঁৰ দ্বিতীয় পত্নীয়ে এটা ফ্লেট, ঘৰৰ আধা অংশৰ লগতে বিভিন্ন সম্পত্তিৰ অংশ দিবলৈ দাবী কৰিবলৈ ধৰিলে৷
লগতে পঢ়ক পিতৃৰ অকাল মৃত্যু! অকলশৰীয়া মাতৃলৈ স্বামী বিচাৰি বিজ্ঞাপন পুত্ৰদ্বয়ৰ!
আনকি প্ৰতি মাহে ২০ হাজাৰকৈ টকা দাবী কৰাৰ লগতে সম্পত্তিৰ ভাগ নিদিলে ব্লেকমেইল কৰি ৰামধনৰ বিৰুদ্ধে ভুৱা গোচৰ ৰুজু কৰি জেইললৈ প্ৰেৰণ কৰাৰো ভাবুকি প্ৰদান কৰে৷ বৃদ্ধ ৰামধনক নাতি-নাতি, পুত্ৰ-বোৱাৰীৰ সৈতে কথা পতাৰো বন্ধ কৰি দিয়ে দ্বিতীয়া পত্নী সুমনে৷ লগতে বৃ্দ্ধ ৰামধনক শাৰীৰিক আক্ৰমণো কৰিছিল পত্নী সুমনে৷
ঠিক তেনে সময়তে ২০২২ চনৰ মাৰ্চ মাহত বিবাহৰ ৩ মাহৰ পিছতহে সুমন নগদ ২ লাখ টকা আৰু গহনা লৈ স্বামী ৰামধনৰ ঘৰৰ পৰা পলায়ন কৰে। ৰামধনে পত্নী সুমনৰ সৈতে ফোন যোগে এই সম্পৰ্কত যোগাযোগ কৰোতে সম্পত্তিসমূহ তেওঁৰ নামত কৰিব দিবলৈ পুনৰ ভাবুকিহে প্ৰদান কৰে৷
পত্নীৰ এই দাবী আৰু ভাবুকিত মানসিক অশান্তিত ভুগি বৃদ্ধ ৰামধনে আৰক্ষীৰ ওচৰত ব্লেকমেইলিঙৰ অভিযোগ দাখিল কৰিবলৈ বাধ্য হয়৷ কিন্তু আৰক্ষীয়ে গোচৰ ৰুজু নকৰাত ৰামধনে আদালত হস্তক্ষেপ বিচাৰি আবেদন কৰে৷ এতিয়াও ৰামধনে ন্যায়ৰ অপেক্ষাত দিন গণি আছে বৃদ্ধ ৰামধনে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ