এক অদ্ভুত চাকৰিৰ বিজ্ঞাপন উলাইছে৷ ইয়াৰ দৰমহাও অতি আকৰ্ষণীয়৷ আপুনিও আগ্ৰহী নেকি এই চাকৰিৰ বাবে? কি চাকৰিৰ বিজ্ঞাপন উলাইছে সেই বিষয়ে আমি আপোনাক জনাবলৈ আগবাঢ়িছো৷
সাধাৰণে আঢ্যৱন্ত লোকসকলে ছুটি উদযাপন কৰিবলৈ বিভিন্ন দেশৰ সাগৰৰ পাৰলৈ যায়৷ বহুলোকে সাগৰৰ পাৰত অৰ্থাৎ বীচ্চত অৱসৰ বিনোদনৰ সময়তে কিতাপ পঢ়িবলৈও ইচ্ছা প্ৰকাশ কৰে৷
এনে পৰ্যটকৰ প্ৰতি লক্ষ্য ৰাখিয়ে মালদ্বীপৰ কুণফুনাধু দ্বীপৰ এখন বিলাসী ৰিজ’ৰ্টে বছৰজোৰা চুক্তিৰে কিতাপ বিক্ৰীৰ বাবে নতুন লোকক নিযুক্তি দিব খুজিছে৷ সোণোৱা ফুছি ৰিজ’ৰ্টে ‘বেয়াৰফুট বুকচেলাৰ’ অৰ্থাৎ খালী ভৰিৰে কিতাপ বিক্ৰেতা পদৰ বাবে পুনৰ আবেদন মুকলি কৰিছে৷
লগতে পঢ়ক বেশ্যাবৃত্তি ৩০% লৈ বৃদ্ধি! জীৱিকাৰ বাবে যৌনকৰ্মী হ’বলৈ বাধ্য হৈছে মহিলা!
প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰা মতে এইবাৰ তেওঁলোকে এটা সাগৰীয় দ্বীপত এবছৰৰ বাবে খালী ভৰিৰে কিতাপ বিক্ৰীৰ বাবে মানুহ নিযুক্তি প্ৰদান কৰিব৷
আলটিমেট লাইব্ৰেৰীৰ চেলছ মেনেজাৰ এলেক্স মেককুইনক বিচাৰিছে আবেগিক কিতাপ প্ৰেমী যিয়ে দুঃসাহসিক, আউটগোয়িং, সৃষ্টিশীল আৰু গোটেই দিনটো খালী ভৰিৰে কটাবলৈ আপত্তি নকৰে তেনে লোকক অগ্ৰাধিকাৰ দিয়া হ’ব। দ্বীপটোত কাকো জোতা পিন্ধিবলৈ অনুমতি নিদিয়াৰ বাবে খালী ভৰিৰে কিতাপ বিক্ৰী কৰা হয়।
অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া এই চুক্তি আৰু নতুন বেয়াৰফুট গ্ৰন্থ বিক্ৰেতাগৰাকীয়ে দৈনিক এখন কিতাপৰ দোকান চলাব লাগিব। ইয়াৰ লগতে একাউণ্টিং আৰু ষ্টক মাৰ্কেটিংও কৰিব লাগিব।
লগতে পঢ়ক পিতৃৰ অকাল মৃত্যু! অকলশৰীয়া মাতৃলৈ স্বামী বিচাৰি বিজ্ঞাপন পুত্ৰদ্বয়ৰ!
আলটিমেট লাইব্ৰেৰীৰ মেককুইনে কয়, ‘‘আবেদনকাৰীয়ে নিজাববীয়াকৈ ইয়ালৈ আহি চাকৰিৰ পিছত সকলো চাব লাগিব।’’
ইনষ্টাগ্ৰামত চাকৰিটোৰ বিষয়ে পোষ্ট কৰি দ্য বেয়াৰফুট বুকচেলাৰ্ছে লিখিছে: ‘‘ছ’নেভাৰ সৈতে অংশীদাৰিত্বৰে আমি ছ’নেভা ফুছিৰ বাবে আমাৰ পৰৱৰ্তী বেয়াৰফুট বুকচেলাৰ বিচাৰিছো! সাগৰীয় দ্বীপৰ গ্ৰন্থপ্ৰেমীৰ বাবে চূড়ান্ত সপোনৰ কাম, কিতাপ বিক্ৰী বিশ্বৰ অন্যতম সুন্দৰ ঠাই।’’
লগতে আৰু লিখিছে, ‘‘সফল প্ৰাৰ্থীসকলে বিনামূলীয়াকৈ থকাৰ ব্যৱস্থা আৰু খাদ্যৰ আশা কৰিব পাৰে, আৰু তেওঁলোকৰ ৱৰ্ক পাৰ্মিট আৰু বিমানৰ মাচুল ৰিজ’ৰ্টে আদায় দিব। লগতে প্ৰতিমাহে প্ৰায় ৬০ হাজাৰ টকাৰ দৰমহাও থাকিব চাকৰি আছে।’’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ