• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভৰি ফুলা আৰু বৃক্কৰ ৰোগৰ সম্পৰ্ক…

ভৰি ফুলা আৰু বৃক্কৰ ৰোগৰ সম্পৰ্ক…

7 days ago
বিহাৰত বিজেপি আৰু JDUৰ মধুচন্দ্ৰিকাৰ অন্ত! RJDৰে গঢ়িব আকৌ সম্পৰ্ক! চাওক লাইভ আপডেট

বিহাৰত বিজেপি আৰু JDUৰ মধুচন্দ্ৰিকাৰ অন্ত! RJDৰে গঢ়িব আকৌ সম্পৰ্ক! চাওক লাইভ আপডেট

6 mins ago
কি এই ‘জেহাদী লাভ’? প্ৰেমত পেলাই মুছলমান যুৱকক কেনেকৈ জেহাদী কৰে মহিলাই!

কি এই ‘জেহাদী লাভ’? প্ৰেমত পেলাই মুছলমান যুৱকক কেনেকৈ জেহাদী কৰে মহিলাই!

35 mins ago
প্ৰেমিকাক ড্ৰাগছৰ অ’ভাৰড’জ দি ধৰ্ষণ প্ৰেমিকৰ, জন্মদিন উদযাপন কৰি থাকোতে প্ৰেমিকাৰ মৃত্যু

প্ৰেমিকাক ড্ৰাগছৰ অ’ভাৰড’জ দি ধৰ্ষণ প্ৰেমিকৰ, জন্মদিন উদযাপন কৰি থাকোতে প্ৰেমিকাৰ মৃত্যু

1 hour ago
চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ! ৮ম দৰমহা আয়োগৰ সন্দৰ্ভত কি ক’লে কেন্দ্ৰই?

চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ! ৮ম দৰমহা আয়োগৰ সন্দৰ্ভত কি ক’লে কেন্দ্ৰই?

19 hours ago
‘তুমি বৰ চালাক নাৰী’ এই কথা শুনিয়ে লিভ ইনত থকা প্ৰেমিকক গলা কাটি হত্যা প্ৰেয়সীৰ  

‘তুমি বৰ চালাক নাৰী’ এই কথা শুনিয়ে লিভ ইনত থকা প্ৰেমিকক গলা কাটি হত্যা প্ৰেয়সীৰ  

19 hours ago
ৰক্তক্ষৰণৰ পাছতো ৰোগীক এৰি মৰ্ণি ৱাক! প্ৰসূতিৰ মৃত্যু, স্ত্ৰীৰোগ বিশেষজ্ঞৰ বিৰুদ্ধে গোচৰ ৰুজু

ৰক্তক্ষৰণৰ পাছতো ৰোগীক এৰি মৰ্ণি ৱাক! প্ৰসূতিৰ মৃত্যু, স্ত্ৰীৰোগ বিশেষজ্ঞৰ বিৰুদ্ধে গোচৰ ৰুজু

21 hours ago
এইখন ভাৰতৰে নদীত ঘঁৰিয়ালৰ আক্ৰমণত নিহত যুৱক, কে’বাঘণ্টাৰ পিছত মৃতদেহ উদ্ধাৰ

এইখন ভাৰতৰে নদীত ঘঁৰিয়ালৰ আক্ৰমণত নিহত যুৱক, কে’বাঘণ্টাৰ পিছত মৃতদেহ উদ্ধাৰ

22 hours ago
তৰুণ প্ৰজন্মৰ মাজত হৃদৰোগৰ বৃদ্ধিৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰ কি কি?

তৰুণ প্ৰজন্মৰ মাজত হৃদৰোগৰ বৃদ্ধিৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰ কি কি?

23 hours ago
যদি আপুনি অকলে ৰেষ্টুৰেণ্ট বা চিনেমালৈ যাব পাৰে, আপুনি জীৱনত যিকোনো কাম কৰিব পাৰে…

যদি আপুনি অকলে ৰেষ্টুৰেণ্ট বা চিনেমালৈ যাব পাৰে, আপুনি জীৱনত যিকোনো কাম কৰিব পাৰে…

1 day ago
গৰুৰ সৈতে অস্বাভাৱিক যৌন সম্পৰ্ক যুৱকৰ! বন্ধুৱে তৰিলে গোচৰ, আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ

গৰুৰ সৈতে অস্বাভাৱিক যৌন সম্পৰ্ক যুৱকৰ! বন্ধুৱে তৰিলে গোচৰ, আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ

1 day ago
লজ্জানত শিক্ষক সমাজ! প্ৰতিবন্ধী মহিলাক ধৰ্ষণ অৱসৰপ্ৰাপ্ত শিক্ষকৰ, অভিযুক্ত পলাতক

লজ্জানত শিক্ষক সমাজ! প্ৰতিবন্ধী মহিলাক ধৰ্ষণ অৱসৰপ্ৰাপ্ত শিক্ষকৰ, অভিযুক্ত পলাতক

1 day ago
BJPক কিয় এৰিব খুজিছে নীতিশ কুমাৰে?

BJPক কিয় এৰিব খুজিছে নীতিশ কুমাৰে?

1 day ago
  • About
  • Advertise
  • Careers
Tuesday, August 9, 2022
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

ভৰি ফুলা আৰু বৃক্কৰ ৰোগৰ সম্পৰ্ক…

editor by editor
August 2, 2022
in স্বাস্থ্য
0
ভৰি ফুলা আৰু বৃক্কৰ ৰোগৰ সম্পৰ্ক…
0
SHARES
31.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডাঃ মুস্তাকিম আহমেদ মজুমদাৰ: প্ৰায় সকলোৰে হয়তো দেহৰ কোনোবা নহয় কোনোবা অংশ কেতিয়াবা ফুলাৰ অভিজ্ঞতা হয়েই। কেতিয়াবা আঘাতপ্ৰাপ্ত হৈ বা কেতিয়াবা আন শাৰীৰিক কিবা ৰোগৰ ফলত দেহৰ কোনো অংগ ফুলে। আঘাতপ্ৰাপ্ত হৈ ফুলাৰ বাদে আনধৰণে কোনো অংগ ফুলাৰ অন্তৰালত দেহৰ কিবা নহয় কিবা বিসংগতি বা সমস্যাৰ সংকেত লুকাই থাকে। তেনেদৰেই কোনো ব্যক্তিৰ যদিহে ভৰি ফুলিবলৈ ধৰে, তেন্তে ভৰি ফুলাকো বিভিন্ন শাৰিৰীক সমস্যাৰ উপসৰ্গ বুলি ধৰা হয়।

তেনে এক ৰোগ হৈছে-বৃক্ক বা কিডনীৰ সমস্যা বা ৰোগ। চিকিৎসা বিজ্ঞানৰ ভাষাত এনেদৰে ভৰি ফুলা অৱস্থাক ‘এডেমা’ বুলি কোৱা হয়। অৰ্থাৎ ভৰিত দেহৰ অপ্ৰয়োজনীয়, বাহ্য পদাৰ্থ জমা হয়। আজি বৃক্ক অথাৎ কিডনী বিসংগতিৰ বাবে ভৰি ফুলা অৱস্থা ‘এডেমা’ সম্পৰ্কে কিছু কথা জনাবলৈ লৈছো। এনেদৰে ভৰিত বাহ্য, দেহৰ পৰা নিষ্কাষিত হ’বলগীয়া তৰল জমা হোৱাৰ গুৰিতে হৈছে বৃক্ক দুটাই সঠিকৰূপত নিজৰ কাম কৰিব পৰা নাই। গতিকে বৃক্কৰ জৰিয়তে নিষ্কাষিত হ’বলগীয়া দেহৰ বাহ্য তৰল ভৰিত জমা হৈছে।

 

লগতে পঢ়ক খালী ভৰিৰে কিতাপ বিক্ৰীৰ চাকৰি, অতি লোভনীয় দৰমহা! আপুনিও আগ্ৰহী নেকি?

আমাৰ দেহৰ বৃক্ক দুটাই শৰীৰৰ বাবে অপ্ৰয়োজনীয় পানী আৰু বাহ্য পদাৰ্থসমূহ তেজৰ পৰা নিষ্কাষণ কৰি প্ৰস্ৰাৱৰূপে দেহৰ পৰা বাহিৰ কৰি দিয়া পৰ্যন্ত সমগ্ৰ প্ৰক্ৰিয়াটো ‘নেফ্ৰ’নছ’ নামৰ এক বৃক্কৰ আভ্যন্তৰীণ গঠনৰ মাজেৰে যায়। এই নেফ্ৰ’নছে দেহৰ তৰল পদাৰ্থৰ সমতুলতা ৰক্ষা কৰাৰ লগতে দেহত ছ’ডিয়াম, পটাছিয়াম, ফ’ছফৰাছ আৰু কেলচিয়ামৰ মাত্ৰাও নিয়ন্ত্ৰণ কৰি ৰাখে। এই নেফ্ৰ’নছে কৰা কাৰ্য প্ৰক্ৰিয়াটো সঠিকভাৱে চলি যাবৰ বাবে বৃক্ক দুটিয়ে পৰ্যাপ্ত পৰিমাণৰ তেজৰ পৰিবহন লাভ কৰিবই লাগিব, তাকো এক নিৰ্দ্দিষ্ট চাপৰ মাজেৰে। যদিহে বৃক্ক দুটি ব্যাধিগ্ৰস্ত হয়, অৰ্থাৎ যিকোনো জটিলতাৰ মাজেৰে যায়, যেনে বৃক্ক দুটালৈ তেজ পৰিবাহী ধমনীকেইডালৰ সমস্যা হয় অথবা বৃক্কলৈ পৰিবাহিত হোৱা তেজৰ গতি মন্থৰ হৈ যায়, এনে অৱস্থাত বৃক্ক দুটিয়ে সঠিকৰূপে কাম কৰিব পৰাকৈ সক্ষম হৈ নেথাকে। নিষ্কাশন প্ৰক্ৰিয়া চলাই নিয়া এই নেফ্ৰ’নছ বিনষ্ট হ’লে, যি অৱস্থাৰ(নেফ্ৰ’টিক চিনড্ৰ’ম) সৃষ্টি হয়, তাৰ ফলত তেজত প্ৰ’টিন এলবুমিনৰ মাত্ৰা কমি যায় আৰু তাৰ পৰিৱৰ্তে প্ৰস্ৰাৱত এই মাত্ৰা বাঢ়ি যায়। দুটি সম্পূৰ্ণ সুস্থ কিডনী বা বৃক্কই কেতিয়াও প্ৰস্ৰাৱত এলবুমিন প্ৰ’টিনৰ ন্যূনতম মাত্ৰাও থাকিবলৈ নিদিয়ে। পিছে প্ৰস্ৰাৱত এলবুমিনৰ মাত্ৰাধিক্য ঘটাৰ ফলত ভৰিৰ সৰু গাঁ‌ঠিৰ লগতে তলুৱা অংশত তৰল পদাৰ্থ জমা হ’বলৈ ধৰে আৰু ‘এডেমা’ৰ সৃষ্টি হয়।

যদিহে কিবাকৈ আপোনাৰ দুভৰি ফুলিছে, তেন্তে ততালিকে নিৰ্দিষ্ট বিভাগৰ অৰ্থাৎ বৃক্কৰোগ বিশেষজ্ঞৰ কাষ চাপক। কাৰণ এনেদৰে দেহত বাহ্য পদাৰ্থ জমা হোৱাৰ ফলস্বৰূপে ব্যক্তিজনৰ উশাহ-নিশাহ লোৱাত সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা প্ৰবল। ইয়াৰ সঠিক চিকিৎসাৰ বাবে ৰোগৰ চিকিৎসা বৃক্কৰোগ বিশেষজ্ঞৰ জড়িয়তেহে কৰা উচিত। সাধাৰণতে এনে ৰোগীক, ৰোগৰ মূল কাৰণ নিৰ্ধাৰণ কৰিবলৈ, প্ৰস্ৰাৱৰ গতানুগতিক পৰীক্ষাৰ লগতে বৃক্কৰ ব্যৱস্থাৰ পৰীক্ষণ আৰু আলট্ৰাচাউণ্ড জাতীয় পৰীক্ষা কৰিবলৈ দিয়া হয়। ৰোগ নিৰ্ধাৰণ হোৱাৰ পিছত সেইমতে ৰোগৰ চিকিৎসা আৰম্ভ কৰা হয়।

 

লগতে পঢ়ক ৭৩ বছৰীয়া বৃ্দ্ধৰ দ্বিতীয় বিবাহ! কি নগুৰ-নাকতিখন কৰিলে দ্বিতীয় পত্নীয়ে?

ওপৰত উল্লেখ কৰা নেফ্ৰ’টিক চিনড্ৰ’মেই হওক বা ‘একিউট কিডনী ইনজিউৰি’-ৰোগেই নহওক কিয়, সঠিক চিকিৎসাৰ যোগেদি দুয়োবিধেই সম্পূৰ্ণৰূপে ভাল হোৱা বা ৰোগীজন ৰোগমুক্ত হোৱা সম্ভৱ। এই ৰোগকেইবিধত নৱজাতক শিশুৰ পৰা আৰম্ভ কৰি বয়সস্থ লোকলৈকে যিকোনো বয়সৰে লোক আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে। এই ৰোগত আক্ৰান্ত হোৱা প্ৰাপ্তবয়স্ক লোকসকলক ৰোগৰ অন্তৰ্নিহিত কাৰণ জানিবৰ বাবে চিকিৎসকে বায়’পছি আদি কৰিবলৈয়ো পৰামৰ্শ দিয়ে। একিউট কিডনী ইনজিউৰি ৰোগবিধত সমস্ত বৃক্কৰ কাৰ্যপ্ৰক্ৰিয়াই অস্থায়ীৰূপত স্তব্ধ বা বন্ধ হৈ পৰে। যদিহে সঠিক সময়ত ৰোগ নিৰূপণ আৰু উপযুক্ত চিকিৎসা হয় এই অৱস্থাৰ পৰাও বৃক্কৰ পুনৰুত্থান সম্ভৱ। ‘এডেমা’ সৃষ্টি হোৱাৰ আন এবিধ বৃক্কৰ ৰোগ হৈছে- ‘ক্ৰ’নিক কিডনী ডিজিজ২(CKD)। এই অৱস্থাত এজন ৰোগীৰ বৃক্ক বিনষ্ট হোৱাৰ লগতে বৃক্কৰ কাৰ্য-প্ৰক্ৰিয়াৰ গতি তিনিমাহ বা ততোধিক সময়ৰ বাবে স্তিমিত হৈ পৰিব পাৰে। সাধাৰণতে মধুমেহ বা উচ্চ-ৰক্তচাপ আদি ৰোগত দীৰ্ঘকাল আক্ৰান্ত হৈ থকাৰ ফলতেই এইবিধ ৰোগ হোৱা দেখা যায়। এডেমা এই ৰোগৰ বহু পলমকৈ দেখা দিয়া লক্ষণহে। যদিওবা এইবিধ ৰোগ অগ্ৰাসীবিধৰ বা বাঢ়ি গৈ থকাবিধৰ তথাপিও কিছুমান চিকিৎসা পদ্ধতিৰ মাজেৰে এই অগ্ৰাসনৰ গতি স্তিমিত কৰিব পাৰি।

এতিয়া আহিছো, এডেমাৰ চিকিৎসাৰ দিশলৈ। এডেমাৰ চিকিৎসা যিমান পাৰি সিমান সোনকালে আৰম্ভ কৰিব লাগে যাতে তৰল পদাৰ্থ হাওফাওত জমা নহয় আৰু তাৰফলত সংক্ৰমণ নহয়। ইয়াৰ বাবে মূলতঃ দেহত জমা হোৱা তৰল কমাব লাগিব। প্ৰস্ৰাৱ স্বাভাৱিকভাৱে হ’বৰ বাবে চিকিৎসকে যথোপযুক্ত দৰৱ দিব পাৰে অথবা প্ৰয়োজন সাপেক্ষে আন চিকিৎসা-ব্যৱস্থাৰ প্ৰয়োগো কৰিব পাৰে। এই জটিলতাসমূহৰ সন্মুখীন নহ’বৰ বাবে যদিহে আপোনাৰ ভৰি ফুলিছে তেন্তে যিমান সোনকালে পাৰি চিকিৎসকৰ পৰামৰ্শ লওক।

লেখক- এমবিবিএছ, এমডি(মেডিচিন), ডিএম(নেফ্ৰ’লজী), বৃক্কৰোগ বিশেষজ্ঞ আৰু বৃক্ক সংৰোপন চিকিৎসক, গুৱাহাটী মেট্ৰ’ হাস্পতাল, ফোন- ৯৫৫৭৮৭১৪৬৪, ০৩৬১-২৯৬২৩৩৫

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest News Channal of Assambest news channel in assamBest News Portal in Assamhealth tipskidney disease
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰক্তক্ষৰণৰ পাছতো ৰোগীক এৰি মৰ্ণি ৱাক! প্ৰসূতিৰ মৃত্যু, স্ত্ৰীৰোগ বিশেষজ্ঞৰ বিৰুদ্ধে গোচৰ ৰুজু
স্বাস্থ্য

ৰক্তক্ষৰণৰ পাছতো ৰোগীক এৰি মৰ্ণি ৱাক! প্ৰসূতিৰ মৃত্যু, স্ত্ৰীৰোগ বিশেষজ্ঞৰ বিৰুদ্ধে গোচৰ ৰুজু

August 8, 2022
তৰুণ প্ৰজন্মৰ মাজত হৃদৰোগৰ বৃদ্ধিৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰ কি কি?
স্বাস্থ্য

তৰুণ প্ৰজন্মৰ মাজত হৃদৰোগৰ বৃদ্ধিৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰ কি কি?

August 8, 2022
ৰেডিঅ’লজীৰ মাধ্যমেৰে যন্ত্ৰণাৰহিত চিকিৎসা-(২)
স্বাস্থ্য

ৰেডিঅ’লজীৰ মাধ্যমেৰে যন্ত্ৰণাৰহিত চিকিৎসা-(২)

August 1, 2022
‘আপোনাৰ যৌন সংগীৰ সংখ্যা হ্ৰাস কৰক’ WHOৰ প্ৰধানে কিয় দিলে এই পৰামৰ্শ?
বিশ্ব

‘আপোনাৰ যৌন সংগীৰ সংখ্যা হ্ৰাস কৰক’ WHOৰ প্ৰধানে কিয় দিলে এই পৰামৰ্শ?

July 28, 2022
Next Post
অসমৰ এহাল আদৰ্শৱান শহু-শাহুৰ; কণিষ্ঠ পুত্ৰলৈ বিয়া পাতিলে বিধৱা বোৱাৰীয়েকক

অসমৰ এহাল আদৰ্শৱান শহু-শাহুৰ; কণিষ্ঠ পুত্ৰলৈ বিয়া পাতিলে বিধৱা বোৱাৰীয়েকক

‘বিধৱাৰ সাজ পিন্ধি কিমান দিন থাকিব, তাইক মই আকৌ বোৱাৰী কৰি ল’লো’

‘বিধৱাৰ সাজ পিন্ধি কিমান দিন থাকিব, তাইক মই আকৌ বোৱাৰী কৰি ল’লো’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: [email protected]

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.