এখন বিশ্ববিদ্যালয়ত এগৰাকী প্ৰেমিকাৰ দুই প্ৰেমিকৰ মাজত সংঘটিত হিংসাত্মক আক্ৰমণে সংবাদ মাধ্যমত শিৰোনাম দখল কৰিছে৷ জানিব পৰা মতে প্ৰেমিকাগৰাকীৰ দুই প্ৰেমিকৰ মাজৰ এগৰাকীয়ে আনগৰাকীক বেলচাৰেৰে আক্ৰমণ কৰি আহত কৰিছে৷
এই হিংসাত্মক ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌস্থিত অমিটি বিশ্ববিদ্যালয়ত৷ ঘটনাৰ বিৱৰণীৰ মতে বিশ্ববিদ্যালয়খনতে অধ্যনৰত এগৰাকী প্ৰেমিকাৰ দুগৰাকীকৈ প্ৰেমিক আছিল৷ আৰু প্ৰেমিকাগৰাকীক কেন্দ্ৰ কৰিয়েই দুই প্ৰেমিকৰ মাজত কাজিয়াৰ সূত্ৰপাত ঘটে৷
অমিটি বিশ্ববিদ্যালয় লক্ষ্ণৌ চৌহদৰ BA, LLB ৰ সপ্তম ষান্মাসিকৰ ছাত্ৰ চন্দ্ৰভূষণ ভৰদ্বাজ আৰু সুধনশু শেখৰৰ মাজত প্ৰথমে বন্ধুত্ব আছিল। সোমবাৰে চন্দ্ৰভূষণে অন্যান্য শিক্ষাৰ্থীৰ সৈতে ১১ বজাৰ ক্লাছত উপস্থিত আছিল। ক্লাছ শেষ হোৱাৰ কিছু সময়ৰ পূৰ্বেই মোগলচৰাই চন্দৌলিৰ বাসিন্দা তথা সপ্তম ষান্মাসিকৰে ছাত্ৰ সুধাংশু শেখৰ আহি শেষ আসনত বহিল।
লগতে পঢ়ক ৭৩ বছৰীয়া বৃ্দ্ধৰ দ্বিতীয় বিবাহ! কি নগুৰ-নাকতিখন কৰিলে দ্বিতীয় পত্নীয়ে?
ক্লাছ শেষ কৰি শিক্ষকজন ক্লাছ ৰুমৰ পৰা ওলাই যোৱাৰ লগে লগে সুধাংশুৱে নিজৰ আসনৰ পৰা বেলচাৰেৰে চন্দ্ৰভূষণক আক্ৰমণ কৰে। প্ৰায় তিনি-চাৰিবাৰ আঘাত কৰাৰ পিছত চন্দ্ৰভূষণে মজিয়াত ঢলি পৰি তেজেৰে লুতুৰ পুতুৰী হৈ পৰে৷ ইফালে সতীৰ্থ শিক্ষাৰ্থীসকলে ততাতৈয়াকৈ আক্ৰমণকাৰী ছাত্ৰ সুধনশুক কৰায়ত্ত কৰে।
ইয়াৰ পিছতে চন্দ্ৰভূষণক সংকটজনক অৱস্থাত চাহাৰা হাস্পতাললৈ লৈ যোৱা হয়। আহত ছাত্ৰজনৰ অৱস্থা ক্ৰমাৎ অৱনতি ঘটিবলৈ ধৰাত চিকিৎসকে তেওঁক ট্ৰমা চেণ্টাৰলৈ ৰেফাৰ কৰে।
চিনহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক তেজবাহাদুৰ সিঙৰ মতে, দুয়োৰে মাজত প্ৰেমিকাক লৈ বিবাদ চলি আছিল। আহত ছাত্ৰ চন্দ্ৰভূষণৰ সহযোগী অনিমেশ কুমাৰৰ এজাহাৰৰ ভিত্তিত সুধাংশুৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। একে সময়তে অভিযুক্তক গ্রেপ্তাৰ কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷
লগতে পঢ়ক বেশ্যাবৃত্তি ৩০% লৈ বৃদ্ধি! জীৱিকাৰ বাবে যৌনকৰ্মী হ’বলৈ বাধ্য হৈছে মহিলা!
চন্দ্ৰভূষণৰ বন্ধু অভিযান সিনহাৰ মতে, সম্পূৰ্ণ প্ৰস্তুতিৰে চন্দ্ৰভূষণক হত্যা কৰাৰ উদ্দেশ্যেৰে আহিছিল সুধাংশু। তেওঁ চন্দ্ৰভূষণৰ ডিঙিত টাৰ্গেট কৰি আক্ৰমণ কৰে যদিও টাৰ্গেট মিছ কৰে। আক্ৰমণ সংঘটিত হোৱাৰ লগে লগে বন্ধুসকলে চন্দ্ৰভূষণক আনফালে টানি লৈ যায়, যাৰ ফলত তেওঁৰ জীৱন ৰক্ষা পৰে।
সতীৰ্থ শিক্ষাৰ্থীসকলৰ মতে সুধাংশুৱে ক্লাছলৈ দেৰিকৈ আহিছিল আৰু কাৰো লগত বেছি কথা নপতাকৈ মনে মনে বহি আছিল। একে সময়তে একাংশ সহকৰ্মীয়ে জনাইছিল যে সুধাংশুৰে বিশ্ববিদ্যালয়ৰ এগৰাকী ছোৱালীৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল।
এই সময়ছোৱাত ছোৱালীজনী চন্দ্ৰভূষণৰ লগত বন্ধুত্ব গঢ়ি উঠে আৰু দুয়োৰে মাজত কাজিয়া আৰম্ভ হ’বলৈ ধৰে। এনে অৱস্থাত ছোৱালীজনীয়ে সুধাংশুৰ লগত কথা পতা বন্ধ কৰি দিয়ে। তেতিয়াৰ পৰা সুধাংশুৱে ডিপ্ৰেছনত সোমাই সকলোৰে লগত কথা পতা বন্ধ কৰি চন্দ্ৰভূষণক শত্ৰু জ্ঞান কৰিবলৈ ধৰিলে।
শিক্ষাৰ্থীসকলে প্ৰকাশ কৰা মতে সুধাংশুৱে প্ৰায়ে কেম্পাছলৈ অস্ত্ৰ-শস্ত্ৰ লৈ আহে। তেওঁক প্ৰশাসনৰ লগতে নিৰাপত্তাৰক্ষীয়ে বাধা দিব পৰা নাছিল। এই কথাটোৱে বিশ্ববিদ্যালয়খনৰ নিৰাপত্তা ত্ৰুটিকে স্পষ্ট কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ