আধুনিকতাৰ অগ্ৰদূত হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱাই সেই তাহানিতে অসমতো বিধৱা বিবাহ প্ৰচলনৰ বাবে আহোপুৰুষাৰ্থ কৰিছিল৷ বিশেষকৈ ইংৰাজে প্ৰচলন কৰা আধুনিক শিক্ষাৰে দীক্ষিত গুণাভিৰাম বৰুৱাই এগৰাকী বিধৱাক বিবাহ কৰাই আদৰ্শ স্থাপনৰো চেষ্টা কৰিছিল৷
কিন্তু ইয়াৰ পিছতে লুইতে বহু পানী ভটিয়াই গ’ল, আধুনিক শিক্ষাৰ পোহৰত সমাজখনো উজলি উঠিল! কিন্তু আধুনিকমনস্কতা সেই অনুপাতে গঢ় লৈহে নুঠিল৷ অৰ্থাৎ আধুনিক শিক্ষাৰে শিক্ষিত সমাজখন যেন আধুনিক দীক্ষাৰে দীক্ষিত হ’ব নোৱাৰিলে!
সেয়ে চাগে সেই তাহানিতে গুণাভাৰিমা বৰুৱাই আৰম্ভ কৰি যোৱা বিধৱা বিবাহ প্ৰচলন আধুনিক সমাজত প্ৰায়ে বাধাপ্ৰাপ্ত হৈ পৰে৷ অৱশ্যে একেবাৰে যে স্তব্ধ হৈ পৰিছিল তেনেও নহয়, চুৰ্চুৰীয়াকৈ দুই এগৰাকী বিধৱা পুনৰ বিবাহপাশত আৱদ্ধ নোহোৱাকৈ থকা নাছিল৷ কিন্তু সংখ্যাটো আছিল তেনেই নগণ্য৷
লগতে পঢ়ক এক প্ৰেমিকাৰ দুই প্ৰেমিকৰ মাজত যুঁজ! বিশ্ববিদ্যালয়ৰ চৌহদতে এজনক বেলচাৰে আক্ৰমণ
এই এপাচি শাকৰ মাজতে এক উজ্জ্বল দৃষ্টান্ত স্থাপন কৰিবলৈ সক্ষম হৈছে মংগলদৈৰ এহাল দম্পতী৷ যি দম্পতীয়ে নিজৰ বিধৱা বোৱাৰীয়েকৰ পুনঃবিবাহৰো আয়োজন কৰিলে৷ তাকো সেই দৃষ্টান্তৰ লগতে অন্য এক দৃষ্টান্তও দাঙি ধৰি বিধৱা বোৱাৰীয়েক নিজৰ কণিষ্ঠ পুত্ৰৰ সৈতে বিবাহ সম্পন্ন কৰি দিয়ে৷
এউ আদৰ্শবাদী দম্পতীহাল হৈছে মংগলদৈৰ পৰাগ নগৰৰ বাসিন্দা বংশীধৰ চলিহা আৰু জুলা চলিহা৷
উল্লেখ্য যে এই আদৰ্শৱান দম্পতীৰ জ্যেষ্ঠ পুত্ৰ কোভিডত আক্ৰান্ত হৈ চলিত বৰ্ষৰে জানুৱাৰী মাহত মৃত্যু হয়৷ বৰপুত্ৰৰ মৃত্যুৰ পিছতে নবোৱাৰীয়েগৰাকী বিধৱা হয়৷ কম বয়সীয়া বিধৱা বোৱাৰীয়েক তথা দম্পতীহালে নিজ কন্যাৰ দৰে ঘৰতে ৰাখে৷
লগতে পঢ়ক খালী ভৰিৰে কিতাপ বিক্ৰীৰ চাকৰি, অতি লোভনীয় দৰমহা! আপুনিও আগ্ৰহী নেকি?
ইয়াৰ পিছতে দম্পতীহালে অতি সাহসী তথা আদৰ্শনীয় পদক্ষেপ গ্ৰহণ কৰে৷ দম্পতীহালে তেওঁলোকৰ অবিবাহিত কণিষ্ঠ পুত্ৰৰ সৈতে বিধৱা বোৱাৰীয়েক বিবাহ পাতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে, যি সিদ্ধান্ত কণিষ্ঠ পুত্ৰ আৰু বিধৱা বোৱাৰীয়েকেও অতি সাদৰেৰে গ্ৰহণ কৰে৷ মাতৃ-পিতৃৰ দৰে মানৱীয় অন্তৰ্দৃষ্টিসম্পন্ন কণিষ্ঠ পুত্ৰৰ এই সন্মতিত বিধৱা বোৱাৰীয়েকেও কোনো আপত্তি কৰাৰ স্থল নাথাকিল৷
মংগলবাৰে সকলোৰে সন্মতি সাপেক্ষে মংগলদৈৰ সনাতন ধৰ্ম সভাৰ বিষ্ণু মন্দিৰত হিন্দু ধৰ্মীয় ৰীতি নীতিৰে বংশীধৰ চলিহা আৰু জুলা চলিহাই কণিষ্ঠ পুত্ৰৰ সৈতে বিধৱা বোৱাৰীয়েকৰ বিবাহ সম্পন্ন কৰে৷
এই বিবাহে এতিয়া সমগ্ৰ ৰাজ্যৰ লগতে তথা দেশজুৰি এক আদৰ্শ বিবাহ হিচাপে চৰ্চা লাভ কৰিবলৈ আৰম্ভ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ