অসম লাইভ ২৪ঃ পুষ্কৰ সিং ধামী উত্তৰাখণ্ডৰ নতুন মুখ্যমন্ত্ৰী। শনিবাৰে মুখ্যমন্ত্ৰীৰূপে নিৰ্বাচিত কৰা হয় খাটিমা বিধানসভা সমষ্টিৰ বিধায়ক পুষ্কৰ সিং ধামীক। কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰৰ উপস্থিতিত বিধায়িনী দলৰ নেতাসকলে নিৰ্বাচিত কৰে ধামীক। আজি উত্তৰাখণ্ডৰ একাদশ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীগৰাকীয়ে। উত্তৰাখণ্ডৰ সৰ্বকনিষ্ঠ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী। উল্লেখ্য, তিৰত সিং ৰাৱটে শুকুৰবাৰে মুখ্যমন্ত্ৰীপদৰ পৰা পদত্যাগ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















