মুক্তিৰ পূৰ্বেই বিশেষ চৰ্চাত আল্লু অৰ্জুনৰ ‘পুষ্পা-২’, ছবিখন নিষিদ্ধ কৰাৰ দাবী
দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনৰ আগন্তুক ছবি ‘পুষ্পা-২: দ’ ৰুল (Pushpa 2: The Rule) মুক্তিৰ পূৰ্বেই বিতৰ্কৰ মাজত সোমাই পৰিছে। বহুদিন ধৰি ছবিখনৰ বাবে দৰ্শক তথা অনুৰাগীয়ে অপেক্ষা কৰি আছিল। কিন্তু মুক্তিৰ পূৰ্বেই ছবিখন নিষিদ্ধ কৰাৰ দাবী উত্থাপন হৈছে। হাৰিয়ানাত ‘পুষ্পা ২’ৰ এটা দৃশ্যৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ।
প্ৰকাশিত প্ৰতিবেদন অনুসৰি হাৰিয়ানাৰ হিছাৰত ‘পুষ্পা ২: দ্য ৰুল’ক লৈ ব্যাপক হুলস্থুলৰ সৃষ্টি হৈছে। আচলতে ছবিখনৰ বিৰুদ্ধে হিছাৰৰ এখন গাঁৱৰ এখন থানাত এজাহাৰ দাখিল কৰা হৈছে। এই এজাহাৰ দাখিল কৰিছে হিছাৰৰ কুলদীপ কুমাৰে। ছবিখনে হিন্দু আৱেগক আঘাত দিয়াৰ অভিযোগ উত্থাপন হৈছে।
অভিযোগকাৰী কুলদীপে কয় যে ‘পুষ্পা ২’ৰ ট্ৰেইলাৰত আল্লু অৰ্জুনক অৰ্ধ-নাৰীশ্বৰৰ চৰিত্ৰত দেখুওৱা হৈছে। য’ত মা কালীৰ ৰূপো দেখা যায়। সেয়ে অভিযোগকাৰীৰ মতে এই দৃশ্যই ধৰ্মীয় আৱেগত আঘাত দিছে। অভিযোগকাৰীয়ে মা কালী আৰু আল্লু অৰ্জুনৰ অৰ্ধনাৰীশ্বৰৰ দৃশ্য ছবিখনৰ পৰা আঁতৰাই দিবলৈ দাবী জনাইছে। অভিযোগত কোৱা হৈছে যে যদি এই কাম নকৰে তেন্তে তেওঁলোকে ছবিখন হাৰিয়ানাত মুক্তিৰ অনুমতি নিদিয়ে।
বৰ্তমান সময়ত ‘পুষ্পা ২’ৰ বিৰুদ্ধে কোনো গোচৰ ৰুজু কৰা নাই আৰক্ষীয়ে। এই বিষয়ত প্ৰথমে উচ্চপদস্থ বিষয়াৰ সৈতে কথা পাতিব বুলি আৰক্ষীয়ে জনাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ