মাজে মাজে শান্তিৰ কথা ওলায়, তাৰপাছতেই আকৌ যুদ্ধ আৰম্ভ হয়। অব্যাহত থাকে মৃত্যুমিছিল। চলিয়েই আছে ৰাছিয়া-ইউক্ৰেইন যুদ্ধ। এইবাৰ ৰুছ প্ৰেছিডেণ্ট ভ্লাডিমিৰ পুটিনকেই হত্যাৰ চেষ্টা চলাইছে ইউক্ৰেইনে। ৰুছ সেনাৰ তৎপৰতাত এই চেষ্টা বিফল হৈছে যদিও কথমপি প্ৰাণ ৰক্ষা পৰিছে ভ্লাডিমিৰ পুটিনৰ। এই দাবী কৰি এক্স হেণ্ডেলত বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে ৰাছিয়াৰ বিমান প্ৰতিৰক্ষা ইউনিটৰ কমাণ্ডাৰ ইউৰি দাছকিনে। তেওঁ কয় যে, বিগত২০ মেত কুৰ্স্কত পুটিনৰ হেলিকপ্টাৰক লক্ষ্য কৰি আক্ৰমণ চলাইছিল ইউক্ৰেইনে। সেইদিনা ড্ৰোণ আক্ৰমণো চলোৱা হৈছিল। ৰুছ প্ৰতিৰক্ষা বাহিনীৰ তৎপৰতাতহে কথমপি প্ৰাণ ৰক্ষা পৰে ৰুছ প্ৰেছিডেণ্টৰ।
তেওঁ কয়-প্ৰেছিডেণ্টৰ বিমান সেই স্থানত উপস্থিত হোৱাৰ পূৰ্বেই ড্ৰোণসমূহ চিহ্নিত কৰি ধ্বংস কৰিছে ৰাছিয়াৰ বিমান প্ৰতিৰক্ষা ব্যৱস্থাই। গুৰি কৰি দিয়া হৈছে ৪৬খন ড্ৰোন। কেৱল ইয়াতেই শেষ নহয়, ৰুছ কমাণ্ডাৰে লগতে জনায় যে বিগত ২০ৰ পৰা ২২ মেৰ ভিতৰত ৰাছিয়াত কেইবাবাৰো আক্ৰমণ চলাইছে ইউক্ৰেইনে। তিনিটা দিনতেই প্ৰতিপক্ষৰ ১১৭০খন ড্ৰোন ধ্বংস কৰা হৈছে।
উল্লেখ্য যে বিগত সপ্তাহৰ আৰম্ভণিতেই কুৰ্স্কলৈ গৈছিল ভ্লাডিমিৰ পুটিন। ৰুছ কমাণ্ডাৰৰ অভিযোগ, ঠিক সেই সময়তেই আক্ৰমণৰ তীব্ৰতা বাঢ়িছিল ইউক্ৰেইনৰ। পুটিনৰ এই যাত্ৰাত অৱশ্যে কোনো বিপদ ঘটা নাই। তেওঁ নিৰাপদেই যাত্ৰা সামৰি মস্কোত উপস্থিত হৈছে। ষড়যন্ত্ৰৰ বিস্তাৰিত বিৱৰণ জানিবলৈকো তদন্ত আৰম্ভ কৰিছে ৰুছ সেনাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















