অসম লাইভ ২৪ঃ ভাৰতত ক্লীনশ্বীট পালেও ফ্ৰান্সত সন্দেহৰ আৱৰ্তত ৰাফেল চুক্তি। এই চুক্তিৰ অনিয়মৰ অভিযোগত তদন্তৰ বাবে বিচাৰক নিযুক্তি ফ্ৰান্সৰ। বৰ্তমানৰ ৰাষ্ট্ৰপতি, প্ৰাক্তন ৰাষ্ট্ৰপতি, বিত্তমন্ত্ৰী প্ৰমুখ্যে কেইবাজনো শীৰ্ষ নেতাৰ বিৰুদ্ধে চলিব তদন্ত। ৰাফেল চুক্তি সন্দৰ্ভত দুৰ্নীতি আৰু পক্ষপাতিত্বৰ অভিযোগত তদন্তৰ আহ্বান জনাইছে ফ্ৰন্সৰ বিত্তীয় তদন্তকাৰী সংস্থা ‘পাব্লিক প্ৰসিকিউচন চাৰ্ভিচ’(PNF) য়ে। ২০১৬ চনত ভাৰত আৰু ফ্ৰান্সে ৩৬খন ৰাফেল যুদ্ধ বিমানৰ বাবদ ৭.৫ বিলিয়ন ইউৰোৰ ৰাফেল চুক্তিত স্বাক্ষৰ কৰিছিল। Sherpa নামৰ এটা বেচৰকাৰী সংস্থাৰ অভিযোগৰ ভিত্তিত ১৪ জুনত ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ফ্ৰন্সে। তৎকালীন প্ৰতিৰক্ষা মন্ত্ৰী আৰু ফ্ৰান্সৰ বিদেশ মন্ত্ৰীও তদন্তৰ আওঁতালৈ আহিব। উল্লেখ্য, Sherpa ই ২০১৮ চনতো এক অভিযোগ উত্থাপন কৰিছিল কিন্তু এই অভিযোগ খাৰিজ কৰে PNFয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ