বৈদিক জ্যোতিষ অনুসৰি ৰাহু হৈছে ছায়া গ্ৰহ৷ এই গ্ৰহক শনিৰ ছায়া হিচাপেও চোৱা হয়৷ কিন্তু সকলোবোৰৰ পাছতো ৰাহুক খুবেই শক্তিশালী বুলি ধাৰণা কৰা হয়৷ জ্যোতিষ শাস্ত্ৰমতে ৰাহু হৈছে কলিযুগৰ ৰজা৷ সেই কাৰণেই ইয়াৰ প্ৰভাৱ হঠাৎ বাঢ়ি যায়৷ আৰু সেই প্ৰসঙ্গতেই কৈ থোৱা বাল যে ৰাহু হৈছে এনে এক গ্ৰহ যিয়ে কোনো সীমাত থাকি কাম নকৰে৷ যেতি.আ এই গ্ৰহই শুভ ফল দিয়ে তেতিয়া সাধাৰণ ব্যক্তি উন্নতিৰ শিখৰলৈ যায়৷ আনকি বহু সময়ত ৰাহুৱে হঠাৎ সক্ৰিয় হৈ খুবেই কম সময়ৰ ভিতৰত ব্যক্তিক সফল কৰি তোলে৷
এই সময়ত ৰাহুৱে কুম্ভ ৰাশিত স্থিৰ হৈ আছে৷ এই অৱস্থাত তিনি মাহ থাকিব ৰাহু৷ নিৰ্দিষ্টকৈ ক’বলৈ গ’লে ১৫ এপ্ৰিল ২০২৬ পৰ্যন্ত এই দশাত থাকিব ৰাহু৷ আৰু সেই সময়তেই কিছু ৰাশিৰ জীৱনলৈ ভাল সময় আহিব৷
যুৱ অৱস্থা কি?
জ্যোতিষমতে কোনো গ্ৰহই ১২ৰ পৰা ১৮ ডিগ্ৰীৰ মাজত থাকিলে তাক কোৱা হয় যুৱ অৱস্থা৷ এই সময়ত গ্ৰহই নিজৰ সৰ্বোচ্চ ক্ষমতাৰে ফল দিয়ে৷ ৩০ ডিচেম্বৰৰ পৰাই ৰাহু মোটামুটি ১৮ ডিগ্ৰী কোণত আছিল৷ ইয়াৰ পাছতেই এই গ্ৰহই ১২ ডিগ্ৰীৰ দিশত অগ্ৰসৰ হব৷ যাৰ ফলত বাঢ়িব তাৰ প্ৰভাৱ৷ আৰু সেই কাৰণেই কিছু ৰাশিৰ গোল্ডেন টাইম আৰম্ভ হব৷
মিথুন ৰাশি
এই সময় শুভ হ’ব মিথুন ৰাশিৰ৷ আপোনাৰ কোও বিষয় সম্পৰ্কে চিন্তা কৰাৰ ক্ষমতা বাঢ়িব৷ ঠিকে ঠাকে সিদ্ধান্ত লব পাৰে৷ কেৱল সেয়াই নহয় এই সময়ত বৃদ্ধি পাব কমিউনিকেছন স্কিলো৷ মিডিয়া, মাৰ্কেটিং আৰু লেখামেলাৰ সৈতে যুক্তসকলে জীৱনত আগুৱাই যাব৷
কন্যা ৰাশি
ৰাহুৰ যুৱ দশাই কন্যা ৰাশিৰ জীৱনত সুখৰ খবৰ আনি দিব৷ তেওঁলোকৰ জীৱনতো আৰম্ভ হব গোল্ডেন টাইম৷ যিসকলে বহুদিন ধৰি বিদেশত থাকে তেওঁলোকৰ ইচ্ছা এই সময়ত পূৰণ হব৷ ইয়াৰোপৰি ৰৈ থকা কামো এই সময়ত দ্ৰুতগতিত আগুৱাব৷ ২০২৫ চনৰ যি অৰ্থকষ্ট আছিল সেয়াও দূৰ হব৷ জীৱনত নিয়ন্ত্ৰণ পাব৷ ফলত বহু সমস্যাৰ সহজ সমাধান হব৷
কুম্ভ ৰাশি
ৰাহুৰ কৃপা পাব কুম্ভ ৰাশিৰ জাতকেও৷ তেওঁলোকে ১৫ এপ্ৰিল পৰ্যন্ত শুভ সময় কটাব৷ এই সময়ত বৃদ্ধি পাব আত্মবিশ্বাস৷ যাৰ ফলত কামত সাফল্য আহিব৷ সকলো ক্ষেত্ৰতেই আগুৱাই যাব পাৰিব৷ ইয়াৰোপৰি এই সময়ত ব্যক্তিত্বত বিৰাট পৰিবৰ্তন আহিব৷ নতুন কোনো সুযোগ পাব পাৰে৷ যিসকলে নতুন কিবা কৰিব খুজিছে তেওঁলোকে এই সময়ত কামত লাগি যাওক৷ সাফল্য পাবই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















