অসম লাইভ২৪ঃ তেওঁ বিয়া কেতিয়া কৰাব, এই প্ৰশ্নই লগ এৰা নাই ৰাহুল গান্ধীক। ৫৩ বছৰ বয়সত দেশৰ মষ্ট এলিজিবল বেচেলাৰ ৰাগা। ৰাজনীতিৰ বাকযুদ্ধৰ মাজত বাৰে বাৰে বিয়াক লৈ প্ৰশ্নৰ মুখামুখি হৈছে ৰাহুল। এইবাৰ ৰাহুল নহয় মাতৃ ছোনীয়া গান্ধীও সন্মুখীন হৈছে এই প্ৰশ্নৰ। পুত্ৰৰ বিবাহ কৰাবনে? কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধীক এই প্ৰশ্ন কৰিলে হাৰিয়ানাৰ এগৰাকী মহিলা কৃষকে। সম্প্ৰতি দিল্লীত ছোনিয়া গান্ধীৰ ঘৰলৈ আহিছিল হাৰিয়ানাৰ ছোনিপতৰ মহিলা কৃষকৰ এটা দল। তাতেই ছোনীয়া, ৰাহুল আৰু প্ৰিয়ংকা তিনিও উপস্থিত আছিল। ৰাহুল, ছোনীয়া, প্ৰিয়ংকাৰ সৈতে কৃষকৰ দলটোৱে কথা পতাৰ টুকুৰা টুকুৰা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে। তাৰেই এটা ভিডিঅ’ত ছোনীয়া গান্ধীৰ কাষত বহি এগৰাকী মহিলা কৃষকে ৰাহুল সম্পৰ্কত প্ৰশ্ন কৰিছে যে ৰাহুলে বিয়া কেতিয়া কৰাব। সোনকালে পাত্ৰী চাই ৰাহুলক বিয়া পাতি দিব লাগে।
ছোনীয়াই তেতিয়া লাজুক হাঁহি মাৰি কয় যে আপোনালোকে ৰাহুললৈ পাত্ৰী চাওক। কেৱল মহিলা কৃষকৰ দলটোৱেই নহয়, পাটনাত বিৰোধীৰ দলীয় বৈঠকত ৰাজনৈতিক আলোচনাৰ মাজতেই আৰজেডি প্ৰধান লালুপ্ৰসাদ যাদৱেও ৰাহুলক বিবাহৰ পৰামৰ্শ দিছিল। লালুৰ কথা শুনিয়েই সেই মিটিঙৰ গুৰুগম্ভীৰ পৰিবেশত হাঁহিৰ কোঢ়াল বিয়পি পৰে। ৰাহুলক উদ্দেশ্য কৰি লালুপ্ৰসাদ যাদৱে কয়, ‘ৰাহুলে এইবাৰ বিয়া কৰাই ল’ব লাগে। এতিয়া বিয়াৰ বয়স বৰ বেছি পাৰ হৈ যোৱা নাই। আমাৰ কথা শুনা। বিয়াখন পাতিয়েই লোৱা।’ ইয়াৰোপৰি লালুপ্ৰসাদ যাদৱে কয়, ‘তোমাৰ মায়েও মোক কৈছিল তুমি তেওঁৰ কথা নুশুনা। বিয়াৰ বাবে তেৱেই মোক ক’বলৈ কৈছে। তোমাৰ বিয়াত আমি বৰযাত্ৰী হৈ যাম বুলি আশা কৰি আছো।’
ৰাহুলৰ বিবাহক লৈ মাজে মাজে আলোচনা হৈয়েই থাকে। ‘ভাৰত জোড়ো যাত্ৰা’ৰ সময়তো এই প্ৰশ্নৰ মুখামুখি হৈছিল ৰাহুল। সকলো সময়তেই এই প্ৰশ্ন শুনিলে কেৱল এটা মিছিকিয়া হাঁহিৰে সম্ভাষণ জনায়। কেতিয়াবা উপায়হীন হৈ ৰাহুলে উত্তৰ দিয়ে যে তেওঁৰ জীৱনত তেনে বিশেষগৰাকীক বিচাৰি পোৱা নাই। কেনে পাত্ৰী পছন্দ ৰাগাৰ সেই কথাও বহুবাৰ জনাইছে ৰাহুলে। ৰাহুলে এই সন্দৰ্ভত কৈছিল, ‘মন পছন্দৰ পাত্ৰী পালেই বিয়া কৰাম।’ আকৌ এবাৰ এক সাক্ষাৎকাৰত ৰাহুলে কৈছিল, ‘মই এনে এগৰাকী সংগী বিচাৰো যাৰ মাজত মই মোৰ মা ছোনীয়া গান্ধী আৰু আইতা ইন্দিৰা গান্ধীৰ গুণসমূহ দেখা পাও।’
উল্লেখ্য যে এইবাৰ হাৰিয়ানাৰ মহিলা কৃষকসকলে ৰাহুলৰ বিবাহক লৈ ছোনীয়া গান্ধীকেই প্ৰশ্ন কৰিছে। হাৰিয়ানাৰ মহিলা কৃষকৰ সৈতে কটোৱা মুহূৰ্তৰ কথা নিজেই টুইট কৰিছে ৰাহুলে। এটা ভিডিঅ’ টুইট কৰিছে তেওঁ। সেই ভিডিঅ’তেই এইসমূহ মুহূৰ্ত আছে। ৰাহুলৰ পৰিয়ালক সেই মহিলাসকলে ঘৰতে তৈয়াৰ কৰা ঘীঁ, লাচি, ঘৰতে তৈয়াৰ কৰা আঁচাৰ উপহাৰ দিছে। ৰাহুলক আনকি খাদ্যও খোৱাই দিছে মহিলাকেইগৰাকীয়ে। এই দৃশ্যও দেখা পোৱা গৈছে ভিডিঅ’টোত। জি, এছ টি, নাৰীশক্তিক লৈয়ো কথা পাতিছে ৰাহুলে। ৰাহুলে সেই মহিলাসকলক উদ্দেশ্যি কৈছে, ‘দেশৰ মহিলাসকলৰ স্বনিৰ্ভৰ হ’ব লাগে।’ কিন্তু এইসমূহৰ মাজতেই ছোনীয়া গান্ধীক ৰাহুলৰ বিয়াকলৈ কৰা প্ৰশ্নইহে দৃষ্টি কাঢ়িছে বহুতৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ