অসম লাইভ২৪ঃ ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত জামুগুৰিহাটত কংগ্ৰেছ কৰ্মীক আক্ৰমণ। বিজেপিৰ গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰা বুলি অভিযোগ আনিছে কংগ্ৰেছে। পানপুৰ চেঙেলীমৰাৰ হৃদয় দাস নামৰ যুৱকক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাৰো অভিযোগ আনিছে কংগ্ৰেছে। কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক বচাবলৈ যাওঁতে ৫০জনতকৈ অধিক বিজেপিৰ গুণ্ডা বাহিনীয়ে প্ৰহাৰ কৰিছে হৃদয় দাসক বুলি কংগ্ৰেছৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে।
বৰ্তমান তেজপুৰৰ কনকলতা অসামৰিক হাস্পতালত ভৰ্তী কৰোৱা হৈছে কংগ্ৰেছ কৰ্মী হৃদয় দাসক। অতি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ বাবে ততাতৈয়াকৈ হাস্পতালত ভৰ্তী কৰোৱা হৈছে হৃদয় দাসক। এই ঘটনাৰ পাছতেই এপিচিচিৰ সভাপতি ভূপেন বৰাই কয়, ‘ইন্দিৰা গান্ধীয়ে দেশৰ বাবে জীৱন দিলে। ৰাজীৱ গান্ধীয়ে জীৱন দিলে। বিজেপিৰ গুণ্ডাই আজি মোকো আক্ৰমণ কৰিছে। আজি মোৰ তেজো এই অসমভূমিত পৰিছে। এই তেজ কেৱল মোৰ নহয়, এই তেজ অসমৰ প্ৰতিজন কংগ্ৰেছ কৰ্মীৰ তেজ। মোৰ কাপোৰত লাগি থকা তেজৰ হিচাপ আমি লম। অসমৰ পৰা আমি বিজেপিক উৎখাত কৰিব নোৱাৰালৈকে শান্ত নহও।
ইয়াৰোপৰি ঘটনা সন্দৰ্ভত ৰাহুল গান্ধীয়ে তেওঁৰ ভাষণত কয়, ‘ভাৰতৰ ভিতৰত সকলোতকৈ দুৰ্নীতিগ্ৰস্থ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। দেশৰ যিকোনো কোণতেই তেওঁক দুৰ্নীতিগ্ৰস্থ বুলি জানে। সৰু সৰু লৰা ছোৱালীৰ পৰা বৃদ্ধলৈকে সকলোৱে তেওঁক সেইবুলি জানে। আমি যাত্ৰা কৰি থাকোতে ২০-২৫টা মান বিজেপিৰ গুণ্ডাই লাঠি লৈ আহিছিল। মই ওলাই আহোঁতে তেওঁলোক পলাই গ’ল। তেওঁলোকে ভাৱিছে মই বিজেপিৰ কৰ্মী, আৰ এছ এছ কৰ্মীক ভয় কৰিম। আমাৰ প্লে কাৰ্ড ফালক, বা আক্ৰমণ কৰিবলৈ আহক আমি কাকো ভয় নকৰো। আমি ন্যায়ৰ বাবে সংগ্ৰাম কৰিছো, আমাক ভয় দেখুৱাই লাভ নাই।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ