ডিজিটেল ডেস্কঃ সংসদ ভৱনত হোৱা আক্ৰমণক লৈ শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে। অস্বাভাৱিক হাৰত বৃদ্ধি পোৱা নিবনুৱা সমস্যা আৰু মৃল্যবৃদ্ধিৰ বাবেই সংসদত এনে আক্ৰমণৰ ঘটনা সংঘটিত হবলৈ পালে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে লগতে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নীতি-আদৰ্শক লৈ অসন্তুষ্ট হৈ পৰিছে দেশৰ যুৱ প্ৰজন্ম। দেশৰ নৱপ্ৰজন্মই নিবনুৱা সমস্যাৰ পৰা আদি কৰি মূল্যবৃদ্ধিৰ দৰে কঠিন সমস্যাৰ সন্মুখীন হোৱাৰ বাবেই এনে পৰিস্থিতিৰ উদ্ভৱ হোৱা বুলি আক্ষেপ প্ৰকাশ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।
উল্লেখ কৰা প্ৰয়োজন যে, যোৱা ১৩ডিচেম্বৰত সংঘটিত হৈছিল এই আক্ৰমণৰ ঘটনা। ইতিমধ্যে আক্ৰমণকাৰীক গ্ৰেপ্তাৰো কৰিছে নিৰাপত্তাৰক্ষীয়ে। ইয়াৰ মাজতে প্ৰায় ৩দিনৰ বিৰতিৰ পিছত এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ৰাহুল গান্ধীয়ে। আনফালে ৰাহুলৰ এই মন্তব্যৰ পাছতে বিজেপিয়ে যুক্তি তৰ্ক আৰম্ভ কৰিছে। ৰাহুল গান্ধীৰ এনে মন্তব্যই তেওঁৰ অজ্ঞতা প্ৰকাশ কৰে বুলি কৈ বিজেপিয়ে কয় যে, লোকে যোগসূত্ৰ নোহোৱাকৈ ৰাহুল গান্ধীয়ে কাম আৰু কথা কয় কাৰনেই কংগ্ৰেছৰ আজি এনে দুৰৱস্থা।
ক্লিক কৰি পঢ়কঃ
১ঘন্টা গান গালে লয় ডেৰ কোটি টকাঃ সহজ-সৰল অৰিজিত সিঙৰ আছে সম্পত্তিৰ পাহাৰ…
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















