অসম লাইভ ২৪ঃ ‘আজি আৰু প্ৰতিদিনেই তোমাক মিছ কৰো।’ ৰাজীৱ গান্ধীলৈ ৰাহুৰ শ্ৰদ্ধাঞ্জলি। ‘প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী আছিল সময়ৰ আগত।’ ৰাজীৱ গান্ধীৰ ৭৬সংখ্যক জন্ম দিৱসত এইদৰে নিদৰ আবেগ প্ৰকাশ কৰিলে ৰাহুল গান্ধীয়ে।
‘দূৰদৃষ্টিসম্পন্ন ব্যক্তি আছিল ৰাজীৱ গান্ধী, সময়তকৈ সদায় আগত। তেওঁৰ আছিল অনুকম্পা আৰু এজন মৰমীয়াল মানুহ। পিতৃ হিচাপে তেখেতক পায় মই গৌৰৱবোধ কৰো। আজি আৰু প্ৰতিদিনেই আমি তেওঁক মিছ কৰো।’ পুৱাৰ ভাগত ৰাহুলে এইদৰে মনৰ ভাব প্ৰকাশ কৰে টুইটাৰত।
ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ৰাজীৱ গান্ধীৰ জন্ম তিথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
ৰাজীৱ গান্ধী, দেশৰ সর্বকনিষ্ঠ প্ৰধানমন্ত্ৰী। ১৯৮৪ চনত কংগ্ৰেছৰ দায়িত্ব বহন কৰে গান্ধীয়ে। মাতৃ ইন্দিৰা গান্ধীৰ মৃত্যুৰ পাছত এই দায়িত্ব লয় ৰাজীৱ গান্ধীয়ে। আৰু তাৰ পাছতে ৪০ বছৰ বয়সত দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব বহন কৰে।
১৯৪৪ চনৰ ২০ আগষ্টত জন্মগ্ৰহণ কৰা ৰাজীৱ গান্ধীক LTTEয়ে আত্মঘাটী বিস্ফোৰণত হত্যা কৰিছিল। সেয়া আছিল ২১ মে’ ১৯৯১ চনৰ কথা। তেওঁৰ মৃত্যুৰ দিনটোতে সমগ্ৰ দেশত সন্ত্ৰাসবাদী দিৱস হিচাপে পালন কৰা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ